দূৰন্ত মন! ৰোড ৰোলাৰৰ পৰা ক্ৰেনলৈ… বিভিন্ন শ্ৰেণীৰ বাহন চালনৰ ১১ খন অনুজ্ঞাপত্ৰ লাভেৰে অনন্য অভিলেখ এগৰাকী সত্তৰ বৰ্ষীয় বৃদ্ধাৰ…

নিউজ ডেস্কঃ বয়স তিনি কুৰি এঘাৰ বছৰ! কিন্তু তথাপিও দূৰন্ত মনৰ অধিকাৰী তেওঁ। গাড়ীৰ ষ্টিয়েৰিঙত হাত ফুৰাই তেওঁ ৰাজপথেৰে গতি ল’লে এতিয়াও ৰ লাগি চায় বাটৰুৱাই।

অৱশ্যেই তেওঁ এগৰাকী মহিলা। জীৱনৰ ৭১টা বসন্ত পাৰ কৰা এই বৃদ্ধাগৰাকী স্বাভাৱিকতেই আনতকৈ পৃথক। কাৰণ- কি গাড়ী চলাব নাজানে তেও!

ৰোড ৰোলাৰৰ পৰা আদি কৰি ক্ৰেনলৈকে, বাছৰ পৰা আদি কৰি গধুৰ কণ্টেইনাৰ ট্ৰেইলাৰ ট্ৰাকলৈকে সকলো বাহন চলোৱাত সিদ্ধহস্ত এইগৰাকী বয়সে হাৰ মনাব নোৱাৰা বৃদ্ধা।

image 13
দূৰন্ত মন! ৰোড ৰোলাৰৰ পৰা ক্ৰেনলৈ… বিভিন্ন শ্ৰেণীৰ বাহন চালনৰ ১১ খন অনুজ্ঞাপত্ৰ লাভেৰে অনন্য অভিলেখ এগৰাকী সত্তৰ বৰ্ষীয় বৃদ্ধাৰ… 5

স্বাভাৱিকতে সমগ্ৰ ভাৰততে তেওঁ হৈছে প্ৰথমগৰাকী মহিলা, যাৰ হাতত আছে বিভিন্ন বাহনৰ ১১ খন অনুজ্ঞাপত্ৰ।

কেৰালাৰ কোচিৰ থপ্পুম্পাডীৰ নিৱাসী এইগৰাকী ৭১ বৰ্ষীয় বৃদ্ধ মহিলাৰ নামেই হৈছে জে ৰাধামণি। ১১ খন ভিন্ন শ্ৰেণীৰ বাহন চলোৱাৰ অনুজ্ঞাপত্ৰ লাভ কৰা দেশৰ প্ৰথমগৰাকী মহিলা হৈছে জে ৰাধামণি।

image 14
দূৰন্ত মন! ৰোড ৰোলাৰৰ পৰা ক্ৰেনলৈ… বিভিন্ন শ্ৰেণীৰ বাহন চালনৰ ১১ খন অনুজ্ঞাপত্ৰ লাভেৰে অনন্য অভিলেখ এগৰাকী সত্তৰ বৰ্ষীয় বৃদ্ধাৰ… 6

তেওঁৰ হাতত আছে এক্সকেভেটৰ, ফৰ্কলিফ্ট, ক্ৰেন, ৰোড ৰোলাৰ, ট্ৰেক্টৰ, কণ্টেইনাৰ ট্ৰেইলাৰ ট্ৰাক, বাছ, লৰী আদি চলোৱাৰ অনুজ্ঞাপত্ৰ।

উল্লেখ্য যে, জে ৰাধামণিৰ স্বামীয়ে ১৯৭০ চনত কেৰালাৰ কোচিত আৰম্ভ কৰিছিল এ টু জেড নামেৰে এখন ড্ৰাইভিং স্কুল। স্বামীয়েই প্ৰথম বাহন চলাবলৈ শিকাইছিল ৰাধামণিক। তেতিয়া তেওঁৰ বয়স আছিল ৩০ বছৰ।

কিন্তু লাহে লাহে বাহন চলোৱাটো এটা নিচা হৈ পৰে ৰাধামণিৰ বাবে। যাৰ বাবে ইখনৰ পিছত সিখন বাহন তেওঁ চলাবলৈ শিকিবলৈ ধৰে।

২০০৪ চনত এক দুৰ্ঘটনাত স্বামীক হেৰুওৱাৰ পিছত ড্ৰাইভিং স্কুলখনৰ পৰিচালনাৰ দায়িত্বও গ্ৰহণ কৰিবলগীয়া হয় ৰাধামণিয়ে।

image 15
দূৰন্ত মন! ৰোড ৰোলাৰৰ পৰা ক্ৰেনলৈ… বিভিন্ন শ্ৰেণীৰ বাহন চালনৰ ১১ খন অনুজ্ঞাপত্ৰ লাভেৰে অনন্য অভিলেখ এগৰাকী সত্তৰ বৰ্ষীয় বৃদ্ধাৰ… 7

স্কুলত ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষন প্ৰদানৰ পূৰ্বে নিজেই প্ৰথমে শিক্ষা গ্ৰহণ কৰি অৱশেষত প্ৰায় সকলোবোৰ বাহন চলাবলৈ শিকে ৰাধামণিয়ে।

২০২১ চনত ৰাধামণিয়ে বিপজ্জনক সামগ্ৰী পৰিবহণৰ অনুজ্ঞাপত্ৰ লাভ কৰে। ইয়াৰ পূৰ্বে তেওঁ ১৯৮৮ চনত বাছ আৰু লৰী দুয়োটাৰে প্ৰথম অনুজ্ঞাপত্ৰ লাভ কৰিছিল।

image 16
দূৰন্ত মন! ৰোড ৰোলাৰৰ পৰা ক্ৰেনলৈ… বিভিন্ন শ্ৰেণীৰ বাহন চালনৰ ১১ খন অনুজ্ঞাপত্ৰ লাভেৰে অনন্য অভিলেখ এগৰাকী সত্তৰ বৰ্ষীয় বৃদ্ধাৰ… 8

বৰ্তমান তেওঁৰ দুই সন্তানে পৰিচালনা কৰে ড্ৰাইভিং স্কুলখন। কিন্তু মাজে মাজে এই স্কুলতে ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে সত্তৰৰ দেওনা পাৰ কৰা ৰাধামণিয়ে।

এক সাক্ষাৎকাৰত তেওঁ উল্লেখ কৰা মতে, তেওঁ এতিয়ালৈকে কেৱল টাৱাৰ ক্ৰেন চলাবলৈ শিকা নাই। টাৱাৰ ক্ৰেন যথেষ্ট ওখ আৰু ক্ৰেনৰ কেবিনলৈ শাৰী পিন্ধি উঠাটো কঠিন হোৱাৰ বাবেই তেওঁ এতিয়ালৈকে এই বাহন চলাবলৈ শিকা নাই।

কিন্তু বয়স মাত্ৰ এটা সংখ্যা- সেই কথাই প্ৰমাণ কৰি ৭১ বছৰ বয়সত ১১ খন অনুজ্ঞাপত্ৰৰ অধিকাৰী হৈ আনৰ বাবে এক অনন্য নিদৰ্শন গঢ়ি তুলিছে জে ৰাধামণিয়ে।