নিউজ ডেস্ক। দুৰ্ঘটনাত আহত হোৱাৰ পিছত থানাত আহি উপস্থিত হ’ল এটা ঘোঁৰা।
এই বিৰল ঘটনা সংঘটিত হৈছে প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশত।
শুকুৰবাৰে দুপৰীয়া বাংলাদেশৰ পাটুৱাখালি বাউফল উপজিলাৰ এখন থানাত প্ৰৱেশ কৰে দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত ঘোঁৰাটোৱে।

আৰক্ষী থানাৰ কৰ্তব্যৰত এছ আই আশিকুৰ ৰহমানে জানিবলৈ দিয়া মতে, শুকুৰবাৰে দিনৰ প্ৰায় ১ বজাত ঘোঁৰাটোৱে থানাৰ মূল প্ৰৱেশ দ্বাৰেৰে থানাৰ ভিতৰত প্ৰৱেশ কৰে।
সেই সময়ত কৰ্তব্যৰত আৰক্ষী জোৱানসকলে ঘোঁৰাটো খেদি পঠিয়াবলৈ চেষ্টা কৰে যদিও ঘোঁৰাটোৱে চিধাই আহি কৰ্তব্যৰত আৰক্ষী বিষয়াৰ কোঠাৰ সন্মুখত উপস্থিত হয়।
এছ আই আশিকুৰ ৰহমানে কয়, “ঘোঁৰাটো মোৰ কোঠাৰ সন্মুখত থিয় হৈ থকাত মই বাৰাম্বাৰ খেদি পঠিয়াবলৈ চেষ্টা কৰিছিলো। কিন্তু তাৰ পিছতো ঘোঁৰাটোৱে লৰচৰ নকৰাত মই লক্ষ্য কৰো যে তাৰ বাওঁভৰিৰ পৰা তেজ ওলাই আছে। পিছত ঘোঁৰাটোৰ বিষয়ে পশু চিকিৎসালয়ত খবৰ দিয়াত চিকিৎসকে আহি ঘোঁৰাটোক প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰে।’’

পশু চিকিৎসক এ. আজিজে পৰৱৰ্তী সময়ত প্ৰকাশ কৰা মতে, ঘোঁৰাটোৱে ভৰিত পোৱা আঘাত গুৰুতৰ নাছিল। ঘোঁৰাটোক প্ৰাথমিক চিকিৎসা প্ৰদান কৰাত কিছু সময় থানাৰ ভিতৰতে থিয় হৈ থাকি পিছত গুছি যায়।
আঘাত পোৱাৰ পিছত এটা ঘোঁৰাই থানাত উপস্থিত হোৱাৰ এই বিৰল ঘটনা এতিয়া সামাজিক মাধ্যমতো চৰ্চিত হৈছে।
বিভিন্ন জনে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে- ‘মানুহৰ দৰে জীৱ-জন্তুৰো অনুভূতি থাকে। সিঁহতেও সাধাৰণ নাগৰিকৰ দৰে আইন আৰু আৰক্ষীৰ ওপৰত বিশ্বাস ৰাখে।’
লগতে চাওকঃ
লকডাউনৰ সময়ত ১৪੦੦ কিঃমিঃ স্কুটী চলাই পুত্ৰক উদ্ধাৰ কৰা শিক্ষয়িত্ৰীৰ পুত্ৰ আবদ্ধ ইউক্ৰেনত…










