অসম

গুৱাহাটীলৈ আনি থকা হৈছে পৰিমিতাৰ নশ্বৰ দেহ, নৱগ্ৰহত সম্পন্ন কৰা হ’ব শেষকৃত্য…

নিমাতীঘাটৰ ভয়াৱহ নাও দুৰ্ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰিছে শোকাকুল পৰিৱেশৰ।

এই শােকাৱহ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱালে মাজুলীৰ ৰঙাচাঁহি মহাবিদ্যালয়ৰ প্ৰৱক্তা পৰিমিতা দাসে।

ইতিমধ্যে পৰিমিতা দাসৰ নশ্বৰ দেহ গুৱাহাটীলৈ আনি থকা হৈছে। যোৰহাট মেডিকেল কলেজত প্ৰাণ হেৰুৱাইছিল পৰিমিতাই।

গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত শেষকৃত সম্পন্ন কৰা পৰিমিতা দাসৰ। 

পৰিমিতাৰ নশ্বৰদেহ গুৱাহাটীৰ কাহিলীপাৰাৰ ঘৰলৈ আনি থকা হৈছে যোৰহাটৰ পৰা।

বিয়লি ৪.৩০ বজাৰ পৰা ৫ বজাৰ ভিতৰত পৰিমিতাৰ নশ্বৰ দেহ আহি পাব গুৱাহাটী।

ৰঙাচাহী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক পৰীমিতা দাস এগৰাকী ভাল শিল্পীও আছিল।

কলেজত পঢ়ি থকা দিনৰে পৰা বন্ধৰ দিনত পুৰণিগুদাম পাৰঘাটৰ মোমায়েকৰ ঘৰলৈ অহা পৰীমিতা জড়িত হৈ পৰিছিল পুৰণিগুদাম মণিকূট কৃষ্টি বিকাশ কেন্দ্ৰৰ সৈতে।

২০১৮ চনত পাৰঘাট শংকৰ মন্দিৰত প্ৰদৰ্শিত হোৱা লক্ষীন্দৰ-বেওলা নামৰ নাটখনতো ৰাধিকাৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকক সন্মোহিত কৰিছিল পৰীমিতাই।

নৃত্য-গীত-অভিনয় সকলো দিশতে পাৰ্গত পৰীমিতাৰ বিয়োগত শোকস্তব্ধ হৈ পৰিছে পুৰণিগুদামৰ সাংস্কৃতিক মহল।

Leave a Reply

Your email address will not be published. Required fields are marked *