ৰাষ্ট্ৰীয়

দুবাইত ডুবিল ভাৰত! পাকিস্তানৰ পিছত নিউজীলেণ্ডৰ হাতত শোচনীয় পৰাজয় টীম ইণ্ডিয়াৰ…

পাকিস্তানৰ পিছত নিউজীলেণ্ডৰ হাতত শোচনীয় পৰাজয় টীম ইণ্ডিয়াৰ।

টি-২০ বিশ্বকাপত পুনৰ মুঠ ঠেকেচা খালে কোহলি বাহিনীয়ে।

য়ু এ ইত অনুষ্ঠিত হৈ থকা টি-২০ বিশ্বকাপৰ প্ৰথমখন খেলত পাকিস্তানৰ বিৰুদ্ধে শোচনীয়ভাৱে পৰাস্ত হোৱাৰ পাছত আজি নিউজিলেণ্ডৰ বিৰুদ্ধে মৰণপণ খেলত ভাৰতে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ২০ অভাৰত সাতটা উইকেট হেৰুৱাই মাত্ৰ ১১০ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

ইয়াৰ বিপৰীতে নিউজীলেণ্ডে ১৪.৩ অভাৰতে উপনীত হয় বিজয় লক্ষ্যত।

দুটা উইকেটৰ বিনিময়ত বিজয় সাব্যস্ত কৰে টীম নিউজীলেণ্ডে।

উল্লেখ্য যে, এইয়া হৈছে টি-২০ বিশ্বকাপত প্ৰথমে বেটিং কৰি ভাৰতৰ সৰ্বনিম্ন দলীয় স্কোৰ।

ইয়াৰ পূৰ্বে ২০১৪ চনৰ টি-২০ বিশ্বকাপত শ্ৰীলংকাৰ বিৰুদ্ধে ১৩০/৪ আছিল ভাৰতৰ এতিয়ালৈ প্ৰথমে বেটিং কৰি সৰ্বনিম্ন দলীয় স্কোৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *