দুবছৰীয়া কন্যাক লগত লৈ ক’লৈ গ’ল মফিদা? সন্ধান বিচাৰি হাহাকাৰ পৰিয়ালৰ…

নিউজ ডেস্কঃ ২ বছৰীয়া সন্তানসহ সন্ধানহীন এগৰাকী মহিলা।

বিগত প্ৰায় ৩ দিন ধৰি সন্ধানহীন হৈ আছে নগাঁও জিলাৰ কচুৱাৰ পণ্ডিতঘাটৰ মফিদা খাতুন নামৰ মহিলাগৰাকী।

জানিব পৰা মতে, শুকুৰবাৰে পুৱা প্ৰায় ৮ বজাত ডিমাপুৰলৈ বুলি ২ বছৰীয়া কন্যা সন্তানটোক লগত লৈ ওলাই গাছিল মফিদাই।

কিন্তু তাৰ পিছতে সন্ধানহীন আছে মহিলাগৰাকী।

ইফালে মফিদা খাতুনৰ সন্ধান বিচাৰি বিচাৰ খোচাৰ কৰিও কোনো সম্ভেদ লাভ নকৰাত আৰক্ষীৰ কাষ চাপিছে পৰিয়ালৰ লোক।

কোনো লোকে মহিলাগৰাকী আৰু সন্তানটিৰ সন্ধানলাভ কৰিলে 93621-60337, 97070-92475 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালে।