
দুঃখবৰ! প্ৰবীণ অভিনেতা চালাপতি ৰাওৰ হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ…
নিউজ ডেস্কঃ কেতিয়াবা যদি খলনায়কৰ ৰূপত, আন কেতিয়াবা আকৌ কমেডিয়ান অথবা সমাজৰ হিত চিন্তাকাৰী চৰিত্ৰত অভিনয় কৰি দৰ্শকক মুহিত কৰিবলৈ সক্ষম হৈছিল তেওঁ।
৬ শতাধিক চিনেমাত বিভিন্ন চৰিত্ৰক জীৱন্ত ৰূপ দি দৰ্শকক মন্ত্ৰমুগ্ধ কৰা অভিনেতাগৰাকীয়ে অৱশেষত সামৰিলে জীৱন নাটৰ।

হৃদৰোগত আক্ৰান্ত হৈ দেওবাৰে আকস্মিকভাৱে মৃত্যুক আঁকোৱালি লয় প্ৰবীণ তেলেগু অভিনেতা তাম্মাৰেড্ডি চালাপতি ৰাওৱে।
দেওবাৰে পুৱা বিধায়ক কলনীৰ বঞ্জাৰা হিলছস্থিত পুত্ৰ ৰবি বাবুৰ বাসগৃহত ৭৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ অভিনেতাগৰাকীয়ে।
উল্লেখ্য যে, বিগত ৫ দশকৰো অধিক সময় তেলেগু চলচ্ছিত্ৰ জগতৰ সৈতে জড়িত হৈ থকা চালাপতি ৰাওৱে প্ৰতিবাৰেই নিজৰ অভিনয়ৰে দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল।
খলনায়ক, কমেডিয়ান সকলো চৰিত্ৰত তেওঁ অভিনয় কৰিছিল।

১৯৪৪ চনৰ ৮ মে’ত অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণ জিলাত জন্মগ্ৰহণ কৰা চালাপতি ৰাওৱে থেস্পিয়ান এন টি ৰামা ৰাওৰ উৎসাহত চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে।
তেওঁ অভিনেতা আৰু প্ৰযোজক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল। চালাপতি ৰাওৱে ৬০০ৰো অধিক ছবিত অভিনয় কৰিছিল।




