দুটা কোৱাৰ্টাৰ একেলগে শেষ কৰাৰ পিছতো লগা নাছিল নিচা, সেইবাবেই চৰকাৰলৈ পত্ৰ লিখিলে এজন সুৰাপায়ীয়ে

নিউজ ডেস্কঃ সম্পূৰ্ণ এক বটল সুৰা শেষ কৰাৰ পিছতো লগা নাছিল নিচা। যাৰ বাবে ৰাজ্যৰ গৃহমন্ত্ৰী আৰু আৰক্ষী অধীক্ষকলৈ পত্ৰ লিখি অভিযোগ কৰিলে এজন গ্ৰাহকে।

মদাহী গ্ৰাহকজনে গৃহমন্ত্ৰীলৈ পত্ৰ লিখি ঠিকাদাৰে পানী মিহলি ভেজাল সুৰা বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰিছে।

তেওঁ লগতে কয় যে এই ভেজাল সুৰাৰ ভলত তেওঁ বিত্তীয় লোকচানৰো সন্মুখীন হৈছে। সুৰা কোম্পানীটোৱে গ্ৰাহকক যড়যন্ত্ৰ আৰু প্ৰতাৰণা কৰাৰ অভিযোগ তুলি আৰক্ষী অধীক্ষকলৈও পত্ৰ লিখিছে গ্ৰাহকজনে।

p4 2
দুটা কোৱাৰ্টাৰ একেলগে শেষ কৰাৰ পিছতো লগা নাছিল নিচা, সেইবাবেই চৰকাৰলৈ পত্ৰ লিখিলে এজন সুৰাপায়ীয়ে 4

এই আশ্বৰ্যকৰ ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ উজ্জয়িনীত। উজ্জয়িনীৰ বাহাদুৰ গঞ্জ আৰ্য সমাজ মাৰ্গত বাস কৰা লোকেন্দ্ৰ চথিয়া নামৰ সুৰাসক্ত লোকজনে ভেজাল সুৰা বিক্ৰীৰ অভিযোগ তুলি পত্ৰ লিখিছে ৰাজ্যখনৰ গৃহমন্ত্ৰী আৰু উজ্জয়িনীৰ আৰক্ষী অধীক্ষকলৈ।

যোৱা ২০ বছৰ ধৰি নিয়মিত সুৰাপান কৰি অহা লোকেন্দ্ৰ চথিয়াই অভিযোগ কৰা মতে, যোৱা ১২ এপ্ৰিলত তেওঁ ক্ষীৰ সাগৰ অঞ্চলৰ এখন সুৰাৰ দোকানৰ পৰা মদৰ এটা কোৱাৰ্টাৰ কিনিছিল। কিন্তু একেলগে কোৱাৰ্টাৰৰ দুটা বটল শেষ কৰাৰ পিছতো তেওঁৰ অলপো নিচা নলগাত সুৰা ভেজাল বুলি অনুভৱ কৰে।

লগে লগে লোকেন্দ্ৰই দোকানীজনৰ ওচৰলৈ গৈ এই সন্দৰ্ভত অভিযোগ কৰে যদিও ওলোটাই তেওঁকহে ভাবুকি দিয়ে সুৰা বিক্ৰেতাই। যাৰ বাবে ভেজাল সুৰা বিক্ৰীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিবলৈ সিদ্ধান্ত লয় লোকেন্দ্ৰই।

p5 1
দুটা কোৱাৰ্টাৰ একেলগে শেষ কৰাৰ পিছতো লগা নাছিল নিচা, সেইবাবেই চৰকাৰলৈ পত্ৰ লিখিলে এজন সুৰাপায়ীয়ে 5

লোকেন্দ্ৰই উজ্জয়িনী এছপি, গৃহ মন্ত্ৰী আৰু আবকাৰী বিভাগত সুৰা ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে আবেদন কৰিছে। লোকেন্দ্ৰই তেওঁৰ অভিযোগত এয়াও উল্লেখ কৰে যে যাতে আন কোনো গ্ৰাহক প্ৰৱঞ্চনাৰ বলি নহয় তাৰ বাবে ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা লোৱা উচিত।

কিন্তু লোকেন্দ্ৰই আক্ষেপ ব্যক্ত কৰা মতে, তেওঁ সকলো ঠাইতে অভিযোগ দাখিল কৰাৰ পিছতো কোনেও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। সেইকাৰণে তেওঁ কোৱাৰ্টাৰৰ দুটা বটল নিজৰ লগত ৰাখিছে।

সুৰা বটল দুটাৰ পৰীক্ষা কৰাৰ পিছত যদি ভেজাল বুলি নিশ্চিত হয় তেন্তে তেওঁ পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও লোকেন্দ্ৰই জানিবলৈ দিয়ে। ইফালে এই সন্দৰ্ভত তেওঁ উপভোক্তা ফ’ৰামতো অভিযোগ দাখিল কৰিছে।

লগতে চাওকঃ

টীয়কৰ সকলোৰে প্ৰিয় ছোৱালীজনী আৰু নাই! অচিন ৰোগত আক্ৰান্ত ভাগ্যশ্ৰীৰ মৃত্যুত নামিছে শোকৰ বন্যা

bhagyasri
দুটা কোৱাৰ্টাৰ একেলগে শেষ কৰাৰ পিছতো লগা নাছিল নিচা, সেইবাবেই চৰকাৰলৈ পত্ৰ লিখিলে এজন সুৰাপায়ীয়ে 6

Leave a Comment