অসমীয়াআন্তঃৰাষ্ট্ৰীয়

দুটাকৈ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী শিক্ষয়িত্ৰীয়ে সংঘটিত কৰিছিল কৰাচীৰ আত্মঘাতী বিস্ফোৰণ! পোহৰলৈ আহিছে বিস্ফোৰক তথ্য

ডিজিটেল ডেস্কঃ ‘তোমাৰ নিস্বাৰ্থ ত্যাগে মোক নিৰ্বাক কৰি তুলিছে। তোমাৰ কাৰ্যত মোৰ বুকু গৌৰৱত উফন্দি উঠিছে।’

-মঙলবাৰে পাকস্তানৰ কৰাচী বিশ্ববিদ্যালয়ৰ চৌহদত সংঘটিত বিস্ফোৰণৰ আঁৰত থকা আত্মঘাতী বোমাৰু মহিলাগৰাকীৰ স্বামীয়ে এইদৰে টুইট কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে পত্নীক।

উল্লেখ্য যে, মঙলবাৰে কৰাচী বিশ্ববিদ্যালয়ৰ চৌহদত সংঘটিত এক আত্মঘাতী বিস্ফোৰণত ৩ চীনা নাগৰিকসহ ৪ জনৰ মৃত্যু ঘটে। বিস্ফোৰণটোত আন কেইবাজনো লোকো গুৰুতৰভাৱে আহত হয়।

pakistan bombing

ইফালে এই বিস্ফোৰণৰ আঁৰত এগৰাকী মহিলা আত্মঘাতী বোমাৰু জড়িত থকাৰ তথ্য পোহৰলৈ অহাৰ পিছতে সৃষ্টি হৈছে চাঞ্চল্য।

পেছাত এগৰাকী শিক্ষয়িত্ৰী শাৰী বালোচ নামৰ আত্মঘাতী বোমাৰু মহিলাগৰাকীয়ে সংঘটিত কৰে এই বিস্ফোৰণ।

বাতৰি অনুসৰি, আত্মঘাতী বোমাৰু শাৰী বালোচ প্ৰাণীবিজ্ঞান আৰু দৰ্শনত স্নাতকোত্তৰ ডিগ্ৰীধাৰী এগৰাকী উচ্চশিক্ষিত মহিলা আছিল।

দুই সন্তানৰ মাতৃ ৩০ বছৰীয়া মহিলাগৰাকী পেছাত আছিল এগৰাকী শিক্ষয়িত্ৰী।

bombing pak

এনে এগৰাকী উচ্চশিক্ষিত মহিলা কিদৰে সন্ত্ৰাসবাদৰ পথ বাচি ল’লে তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ। আনহাতে আত্মঘাতী বোমাৰুয়ে সংঘটিত কৰা বিস্ফোৰণৰ পিছত মহিলাগৰাকীৰ স্বামীয়ে কৰা এটা টুইটক লৈও প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Karachi suicide bombing: China asks Pak to increase security for its  citizens; demands justice for victims - World News

পেছাত এগৰাকী চিকিৎসক হাবিতান বছিৰ বালোচ নামৰ আত্মঘাতী বোমাৰু মহিলাগৰাকীৰ স্বামীয়ে টুইটত পত্নীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি লিখিছে- ‘আমাৰ দুই সন্তান মাৰোচ আৰু মীৰ হাছানে ডাঙৰ হৈ যেতিয়া জানিব পাৰিব যে তেওঁলোকৰ মাতৃ এগৰাকী “মহান” মহিলা আছিল। তেতিয়া তেওঁলোকেও গৌৰৱ অনুভৱ কৰিব।’

বাতৰি অনুসৰি, দুবছৰ পূৰ্বে সন্ত্ৰাসবাদী সংগঠনত যোগ দিছিল শাৰী বালোচে। মহিলাগৰাকীৰ প্ৰথম লক্ষ্যই আছিল আত্মঘাতী অভিযান চলোৱা।

লগতে চাওকঃ

আলফা স্বাধীনৰ ভিতৰত ডজনৰো অধিক সেনা-আৰক্ষীৰ গুপ্তচৰ! বিস্ফোৰক দাবী আলফা স্বাধীনৰ

G5 15

Leave a Reply

Your email address will not be published. Required fields are marked *