নিউজ ডেস্কঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ তিনিদিনীয়া ভ্ৰমণৰ পূৰ্বে দুটাকৈ শক্তিশালী বোমা বিস্ফোৰণত কঁপি উঠিল জম্মুৰ উধমপুৰ চহৰ।
বুধবাৰে নিশা উধমপুৰত এখন বাছত সংঘটিত হয় এটা ভয়ংকৰ বিস্ফোেৰণ। বিস্ফোৰণত আহত হয় দুজন লোক।
জানিব পৰা মতে, নিশা প্ৰায় ১০.৩০ বজাত উধমপুৰৰ পেট্ৰ’ল পাম্পৰ সমীপত দোমাইল চ’কত ৰখাই থোৱা এখন বাছত সংঘটিত হয় প্ৰথমটো বিস্ফোৰণ।
এই বিস্ফোৰণত বাছখনৰ কণ্ডাক্টৰ ততথা ৰামনগৰৰ নিৱাসী সুনীল সিং (২৭) আৰু তেওঁৰ বন্ধু জগানুৰ বিজয় কুমাৰ (৪০) আহত হয়।
বিস্ফোৰণৰ সময়ত দুয়োজনেই বহি আছিল বাছখনৰ ড্ৰাইভাৰৰ কেবিনত।
আহত বাছ কণ্ডাক্টৰৰ উদ্ধৃতি দি সূত্ৰই জনোৱা মতে, পুৱা ৰামনগৰলৈ নিয়াৰ বাবে দুজন অচিনাক্ত লোকে বাছখনৰ চাদত এখন বিচনাসহ কিছু সামগ্ৰী ভৰাই থৈছিল। তেওঁলোক যোৱাৰ প্ৰায় তিনি ঘণ্টা পিছতেই সংঘটিত হয় এই বিস্ফোৰণ।
এই বিস্ফোৰণ কাণ্ডক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ সময়তে বৃহস্পতিবাৰে পুৱা প্ৰায় ৫ বজাত উধমপুৰ বাছ ষ্টেণ্ডত ৰখাই থোৱা আন এখন বাছত সংঘটিত হয় আন এক ভয়ংকৰ বিস্ফোৰণ।
অৱশ্যে সেইবাৰ সৌভাগ্যক্ৰমে কোনো লোক হতাহত হোৱাৰ পৰা ৰক্ষা পৰে।
মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে উধমপুৰত দুটাকৈ শক্তিশালী বিস্ফোৰণে আতংকিত কৰিছে নাগৰিকক। সমান্তৰালভাৱে অমিত শ্বাহৰ আগমণৰ পূৰ্বে সংঘটিত বিস্ফোৰণে চিন্তিত কৰিছে আৰক্ষী-প্ৰশাসনকো।