কংগ্ৰেছৰ অধ্যক্ষ পদৰ নিৰ্বাচনত অৱতীৰ্ণ নহয় অশোক গেহলট! ছোনীয়া গান্ধীৰ সৈতে ডেৰ ঘণ্টীয়া বৈঠকৰ অন্তত কৰিলে ঘোষণা…

নিউজ ডেস্কঃ কংগ্ৰেছৰ অধ্যক্ষ পদৰ বাবে প্ৰতিদ্বন্দ্বিতা নকৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে। বৃহস্পতিবাৰে নতুন দিল্লীত কংগ্ৰেছৰ বৰ্তমানৰ অধ্যক্ষা ছোনীয়া গান্ধীৰ সৈতে প্ৰায় ডেৰ ঘণ্টাজোৰা বৈঠকৰ অন্তত এই ঘোষণা কৰে গেহলটে।

সংবাদ মাধ্যমক সম্বোধন কৰি ৰাজস্থানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে গৈ যে বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ছোনীয়া গান্ধীৰ সৈতে আলোচনা কৰি তেওঁ অধ্যক্ষ পদৰ বাবে প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

তেওঁ কয়, ‘বিগত দুটা দিনত ৰাজস্থানত সৃষ্টি হোৱা ৰাজনৈতিক পৰিস্থিতিৰ বাবে নৈতিক দায়িত্ব মই স্বীকাৰ কৰিব লাগিব। আৰু এনে অৱস্থাত মই দলৰ অধ্যক্ষ পদৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হ’ব নোৱাৰো। ছোনীয়া গান্ধীৰ ওচৰত মই ইতিমধ্যে ইয়াৰ বাবে ক্ষমা খুজিছো।’

image 222
কংগ্ৰেছৰ অধ্যক্ষ পদৰ নিৰ্বাচনত অৱতীৰ্ণ নহয় অশোক গেহলট! ছোনীয়া গান্ধীৰ সৈতে ডেৰ ঘণ্টীয়া বৈঠকৰ অন্তত কৰিলে ঘোষণা… 2

ইফালে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী দিগ্বিজয় সিঙে শুকুৰবাৰে বিয়লিৰ ভাগত কংগ্ৰেছৰ অধ্যক্ষ পদৰ বাবে মনোনয়ন দাখিল কৰাৰ কথা ঘোষণা কৰিছে। সমান্তৰালভালে সাংসদ শশী থৰুৰেও শুকুৰবাৰে দুপৰীয়া মনোনয়ন দাখিল কৰিব বুলি জানিবলৈ দিছে।

উল্লেখ্য যে, ৰাহুল গান্ধীয়ে এইবাৰ কংগ্ৰেছৰ নেতৃত্ব বহন কৰিবলৈ অস্বীকাৰ কৰাৰ পিছতে গান্ধী পৰিয়ালৰ বাহিৰৰ কোনো যোগ্য জ্যেষ্ঠ নেতাক দলৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

মুখ্যতঃ অশোক গেহলট, দিগ্বিজয় সিং আৰু শশী থৰুৰৰ মাজত অধ্যক্ষ পদৰ যুঁজখন হোৱাৰ সম্ভাৱনা আছিল যদিও এতিয়া অশোক গেহলটে নিজৰ সিদ্ধান্ত সলনি কৰাৰ পিছত শশী থৰুৰ আৰু দিগ্বিজয় সিঙেই সন্মুখা সন্মুখি প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব।