নিউজ ডেস্কঃ ৰাজ্যজুৰি বানৰ সংহাৰ। বানৰ কবলত পৰিছে হাজাৰ হাজাৰ পৰিয়াল। বাৰিষাৰ বলিয়া বানত ইতিমধ্যে ১০০ জনৰ মৃত্যু ঘটিছে।
ৰাজ্যজুৰি বানৰ তাণ্ডৱৰ মাজতে মৰিগাঁও জিলাত দুই ভাতৃৰ তৎপৰাত প্ৰাণ ৰক্ষা পৰিল দুটা শিশুৰ। বানত উটি যোৱা দুটি শিশুক সুকলমে উদ্ধাৰ কৰে সেই সময়ত মাছ মাৰি থকা দুই ভাতৃয়ে। লোমহৰ্ষক ঘটনাৰ এটা ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে।
জানিব পৰা মতে, মৰিগাঁও নগৰৰ শংকৰ নগৰত প্লাৱিত পথেৰে চাইকেল চলাই গৈ আছিল কণমানি ভাতৃ-ভগ্নী। কিন্তু নিয়ন্ত্ৰণ হেৰুৱাই শিশু দুটিয়ে চাইকেল সহ পথৰ দাঁতিত পৰি যায়। তাৰ পিছতে বাঢ়নী পানীৰ কোবাল সোঁতে উটুৱাই লৈ যায় দুয়োকে।
কিন্তু সৌভাগ্যক্ৰমে শিশু দুটি বানত উটি যোৱা দৃশ্য প্ৰত্যক্ষ কৰে কাষতে মাছ মাৰি থকা দুই ভাতৃয়ে। লগে লগে তেওঁলোকে শিশুদুটিক উদ্ধাৰ বাবে বাঢ়নী পানীত জপিয়াই পৰে আৰু কোবাল সোঁতৰ পৰা দুয়োকে সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
দুই ভাতৃৰ অদ্যম সাহসৰ এই ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে দুয়োকে প্ৰশংসাৰে উপচাই পেলাইছে নেটিজেনে। তেওঁলোকৰ বাবে দুটিকৈ শিশু মৃত্যুমুখৰ পৰা উভতি অহাত ধন্যবাদো জ্ঞাপন কৰিছে সকলোৱে।









