উদ্ধৱ ঠাকৰেৰ গাত শাও লাগিল কংগনাৰ! ভাইৰেল পুৰণি টুইট

নিউজ ডেস্কঃ উদ্ধেৱ ঠাকৰেৰ গাত শাও লাগিল অভিনেত্ৰী কংগনা ৰাণাৱটৰ। মহাৰাষ্ট্ৰৰ ত্ৰিদলীয় চৰকাৰৰ পতন প্ৰায় নিশ্চিত হৈ পৰাৰ পিছতে এতিয়া সামাজিক মাধ্যমত চলিছে এই চৰ্চা।

এসময়ত কংগনা ৰাণাৱটৰ ওপৰত উদ্ধৱ ঠাকৰে চৰকাৰে কৰা অত্যাচাৰ আৰু তাৰ পিছত কংগনাই দিয়া অভিশাপৰ ফলতেই আজি ঠাকৰে চৰকাৰৰ পতন হোৱা বুলি দাবী কৰিছে একাংশ নেটিজেনে।

kangna uddhav
উদ্ধৱ ঠাকৰেৰ গাত শাও লাগিল কংগনাৰ! ভাইৰেল পুৰণি টুইট 2

উল্লেখ্য যে, মহাৰাষ্ট্ৰ চৰকাৰক লৈ টুইটাৰত বিতৰ্কত লিপ্ত হৈছিল অভিনেত্ৰী কংগনা ৰাণাৱট। আৰু তাৰ পিছতে বিএমচিয়ে মুম্বাইস্থিত কংগনাৰ কাৰ্যালয়ত বুলডোজাৰ চলাইছিল। এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সমগ্ৰ দেশজুৰি।

কংগনাৰ ওপৰত প্ৰতিশোধমূলকভাৱে তেওঁৰ কাৰ্যালয় ভঙাৰ অভিযোগ তুলি অভিনেত্ৰীগৰাকীয়ে ইটোৰ পিছত সিটো টুইটেৰে আক্ৰমণ চলাই গৈছিল উদ্ধৱ ঠাকৰে আৰু তেওঁৰ চৰকাৰক।

এটা টুইটত কংগনাই লিখিছিল- ‘”উদ্ধৱ ঠাকৰে, তুমি কি ভাবিছিলা যে ছবি মাফিয়াৰ সৈতে মিত্ৰতা কৰি মোৰ ঘৰ ভাঙি প্ৰতিশোধ লৈছা? আজি মোৰ ঘৰটো ভাঙিছে, কাইলৈ তোমাৰ গৌৰৱ চূৰ্ণ হ’ব।”

এতিয়া কংগনাৰ সেই শাও যেন লাগিল উদ্ধৱ ঠাকৰেৰ গাত। শিৱসেনাৰ ৪০ গৰাকী বিধায়কে একনাথ শিণ্ডেৰ নেতৃত্বত বিসম্বাদ প্ৰকাশ কৰি গুৱাহাটীৰ ৰেডিশ্যন ব্লু হোটেলত বাহৰ পাতি আছে। তাৰ পিছতে একপ্ৰকাৰ পতন নিশ্চিত হৈছে মহাৰাষ্ট্ৰ চৰকাৰৰ।

ইতিমধ্যে মুখ্যমন্ত্ৰীৰ বাসগৃহ এৰি পুত্ৰ-পত্নীসহ নিজ ঘৰলৈ গুছি গৈছে উদ্ধৱ ঠাকৰে। তেওঁৰ মন্ত্ৰীসভাৰ আন আন মন্ত্ৰীসকলেও ইতিমধ্যে টুইটাৰ হেণ্ডেলৰ পৰা আতৰাইছে মন্ত্ৰী শব্দ।

এনে পৰিস্থিতি সঁচাকৈয়ে কংগনা ৰাণাৱটে দিয়া অভিশাপ উদ্ধৱ ঠাকৰেৰ গাত লাগিল নেকি বুলিও চৰ্চা চলাইছে একাংশ নেটিজেনে।