ৰাষ্ট্ৰীয়অসমীয়া

দুই পুত্ৰই নাচালে, অৱশেষত ৪ কন্যাই কান্ধ পাতি শ্মশানলৈ লৈ গ’ল মাতৃৰ নশ্বৰ দেহ

মৃত্যু এক চিৰন্তন সত্য বিষয়। মৃত্যুৰ পিছত এজন ব্যক্তিক সন্মান সহকাৰে সমাধিস্থ বা দাহ কৰাটো সকলো ধৰ্মৰে পৰম্পৰা।

হিন্দু পৰম্পৰাত এজন ব্যক্তিৰ মৃত্যুৰ পিছত তেওঁৰ সৎকাৰ বা দাহ-কৰ্মৰ দায়িত্ব পালন কৰিব লাগে পুত্ৰই। কিন্তু পুত্ৰই যেতিয়া নিজৰ পিতৃ-মাতৃৰ অন্তিম শয়নত কৰণীয় দায়িত্বৰ প্ৰতি পিঠি দিয়ে, তেতিয়া…?

উড়িশাৰ পুৰিত তেনে এক ঘটনাই পোহৰলৈ আহিছে, যি ঘটনাই আকৌ এবাৰ ফুটাই তুলিছে আধুনিক সমাজৰ এখন বেদনাদায়ক ছবি।

c99266ba-9066-4b6e-a30b-956660fc6f24-750x430

দুই পুত্ৰ থকা স্বত্বেও মৃত্যুৰ পিছত এগৰাকী মাতৃক শ্মশানলৈ লৈ যাব লগা চাৰি কন্যাই।

জানিব পৰা মতে, দেওবাৰে শেষ নিশ্বাস ত্যাগ কৰিছিল পুৰীৰ মংগলাঘাটৰ জাতি নায়ক নামৰ মহিলাগৰাকীয়ে। মহিলাগৰাকী ২ জন পুত্ৰ আৰু ৪ গৰাকী কন্যা সন্তানৰ মাতৃ।

FIIlf-GUWUAQh-WCT

জীয়াই থাকোতে উঠোতে বহোঁতে কেৱল নিজ সন্তান কেইটাৰ চিন্তা কৰা এই গৰাকী মহিলাৰ মৃত্যুৰ পিছত শেষকৃত্যৰ দায়িত্ব পালন কৰিবলৈ অস্বীকাৰ কৰে দুই পুত্ৰই।

যাৰ ফলত উপায়ন্তৰ হৈ ৪ কন্যায়েই মাতৃক সাঙিত তুলি প্ৰায় ৪ কিলোমিটাৰ নিলগৰ শ্মশানলৈ লৈ যায় আৰু শেষকৃত্য সম্পন্ন কৰে।

জানিব পৰা মতে, মহিলা গৰাকীৰ মৃত্যুৰ কেইদিনমান পূৰ্বে তেওঁ জ্যেষ্ঠ কন্যাৰ ঘৰলৈ গৈছিল। আৰু তাতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

লগতে চাওকঃ

উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ অসম সচিবালয়ৰ কৰ্মচাৰী সীমা দেৱী…

g7

পানী গৰম কৰা বৈদ্যুতিক ৰডৰ বাবেই ঘটিল এক শােকাৱহ ঘটনা…

g1

Leave a Reply

Your email address will not be published. Required fields are marked *