অসমঅসমীয়া

মাতৃহাৰা হ’ল বিধায়ক তৰংগ গগৈ

নিউজ ডেস্ক। মাতৃহাৰা হ’ল বিধায়ক তৰংগ গগৈ।

নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈৰ মাতৃ শশীপ্ৰভা গগৈৰ অকাল বিয়োগ।

58

নাহৰকটীয়াৰ কছাৰী গাঁও নিবাসী প্ৰয়াত শশীপ্ৰভা গগৈ বিগত কিছুদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল।

ডিব্ৰুগড় ব্ৰহ্মপুত্ৰ নাৰ্ছিংহোম চিকিৎসাধীন হৈ থকা সময়ত দেওবাৰে বিয়লি শেষ নিশ্বাস ত্যাগ কৰে শশীপ্ৰভা গগৈয়ে।

মৃত্যু সময়ত তেওঁৰ বয়স আছিল ৬০।

জানিব পৰা মতে, যােৱা মে’ মাহত মুম্বাইত উন্নত চিকিৎসাৰ অন্তত সুস্থ হৈ পুনৰ স্বগৃলৈ উভতিছিল শশীপ্ৰভা গগৈ।

কিন্তু পুনৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি ঘটাত যােৱা ২৯ ডিচেম্বৰত তেওঁক পুনৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় য’ত তেওঁ ২ জানুৱাৰীৰ বিয়লি শেষ নিস্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত শশীপ্ৰভা গগৈয়ে স্বামী, বিধায়ক পুত্ৰ, বােৱাৰী, দুগৰাকী জী-জােঁৱাই আৰু অসংখ্য গুণমুগ্ধক এৰি থৈ গৈছে।

বিধায়ক তৰংগ গগৈৰ মাতৃৰ অকাল বিয়ােগত গভীৰ শােক প্ৰকাশ কৰিছে মন্ত্ৰী চন্দ্ৰমােহন পাটােৱাৰী, সাংসদ পল্লৱলােচন দাসকে ধৰি বিভিন্নজনে।

Leave a Reply

Your email address will not be published. Required fields are marked *