দুঃসাহসিক চুৰিকাণ্ড! আৰক্ষী অধীক্ষকৰ বাসগৃহৰ চৌহদৰ পৰাই চোৰে লৈ গ’ল বাইক…

ৰাজ্যত পুনৰ উন্মোচিত হৈছে নিৰাপত্তা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ।

স্বয়ং আৰক্ষী অধীক্ষকৰ বাসগৃহৰ চৌহদৰ পৰাই চোৰে লৈ গ’ল আৰক্ষীৰ বাইক।

যোৰহাটত সংঘটিত হৈছে এই চাঞ্চল্যকৰ চুৰিকাণ্ড।

উল্লেখ্য যে, বিগত কিছুদিন ধৰি যোৰহাটত ধাৰাবাহিকভাৱে সংঘটিত হৈ আহিছে দুচকীয়া বাহন চুৰিৰ ঘটনা।

কিন্তু বুধবাৰে যেন এনে ঘটনাই সকলো অভিলেখ ভংগ কৰিলে।

যোৰহাটৰ আৰক্ষী অধীক্ষকৰ বাসগৃহৰ চৌহদৰ পৰা এগৰাকী আৰক্ষী লোকৰে এখন বাইক লৈ উধাও হয় চোৰ।যি ঘটনাই এতিয়া সকলোৰে চকু কপালত তুলিছে।

AS 03 L 6191 নম্বৰৰ ক’লা ৰঙৰ পালচাৰ বাইকখনৰ সন্ধানত বৰ্তমান অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে এজন ক্ষীণকায় যুৱকে বাইকখন লৈ অনায়াসে সাধাৰণ লোকৰ দৰে ওলাই গৈছিল।

উল্লেখ্য যে, বিগত দুমাহত যোৰহাট নগৰ আৰু মৰিয়নিৰ পৰাই অৰ্ধশতাধিক বাইক চুৰি হৈছে।

শেহতীয়াকৈ জিলাখনত বৃদ্ধি পোৱা চুৰিকাণ্ডৰ ঘটনাসমূহে আৰক্ষীৰ সক্ৰিয়তাৰ ওপৰতো প্ৰশ্নৰ সৃষ্টি কৰিছে।

Leave a Comment