দুঃসংবাদ! বিশিষ্ট কবি-গীতিকাৰ বিৰিঞ্চি কুমাৰ মেধিৰ দেহাৱসান…

নিউজ ডেস্কঃ কাব্যপ্ৰেমীৰ বাবে দুঃখবৰ।

বিশিষ্ট কবি, গীতিকাৰ বিৰিঞ্চি কুমাৰ মেধিৰ দেহাৱসান।

দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি বুধবাৰে জিএমচিএইচত শেষ নিশ্বাস ত্যাগ অসমীয়া কবি-গীতিকাৰ গৰাকীৰ।

উল্লেখ্য যে, বিৰিঞ্চি কুমাৰ মেধি আকাশবাণী গুৱাহাটীৰ গীতিকাৰ হিচাপে সুপৰিচিত আছিল।

তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৃতত্ত্ব বিভাগৰ অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে।

‘যিদিনা মোক বিচাৰি নাপাবা’ শীৰ্ষক গীতেৰে জনপ্ৰিয় হৈ পৰা মেধিয়ে আন বহু যুগজয়ী গীত আৰু কবিতাৰে কাব্য আৰু সংগীত প্ৰেমীৰ মাজত নিজৰ ঠাই দখল কৰিবলৈ সক্ষম হৈছিল।