মোক পাহৰি যাওক সঞ্জীৱ দা, মই আপোনাৰ সৈতে বিয়াত নবহো!- বিয়াৰ ১৫ দিন পূৰ্বে আনৰ সৈতে পলাই গ’ল কইনা…

‘মোক পাহৰি যাওক আপুনি, মই আপোনাৰ সৈতে বিয়াত নবহো, আপুনি মোক আৰু কেতিয়াও ফোন নকৰিব।’

সুখে-দুখে তাইৰ সৈতে জীৱনটো পাৰ কৰাৰ সপোন দেখিছিল সি। সেইমৰ্মে থিক কৰিছিল বিয়াৰ দিনবাৰ। অহা মাৰ্চ মাহৰ ৯ তাৰিখে বিয়া।

কিন্তু সেই সপোন নিমিষতে ভাঙি চূৰমাৰ হৈ গ’ল। কিয়নো আনৰ সৈতে পলায় গ’ল দুষ্ট কইনা।

হ’বলগীয়া স্বামীক ফুচুলাই মাতি নি আনৰ সৈতে পলাই গ’ল এগৰাকী যুৱতী।

এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে হাজোত।

ঘটনা অনুসৰি, অহা মাৰ্চ মাহৰ ৯ তাৰিখে হাজোৰ যুৱতীগৰাকীৰ বিয়াৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছিল গুৱাহাটীৰ কামাখ্যাৰ সঞ্জীৱ দাস নামৰ যুৱকজনৰ সৈতে।

সেয়ে মঙলবাৰে দিনৰ ভাগত ভাবি দৰা সঞ্জীৱক লগত লৈ মহানগৰীৰ জালুকবাৰীৰ এখন বিউটি পাৰ্লাৰত নিজৰ চুলি স্পা’ কৰিবলৈ বুলি গৈছিল যুৱতীগৰাকীয়ে।তেতিয়া দিনৰ প্ৰায় ২ বাজিছিল।

বিউটি পাৰ্লাৰখনৰ সন্মুখতে ৰৈ তাই সঞ্জীৱক ভোক লগা বুলি কৈ পঠিয়াই দিছিল ম’ম’ আনিবলৈ।

কিন্তু কিছুসময় পিছত সঞ্জীৱে ম’ম’ লৈ সেই ঠাইত উপস্থিত হৈ দেখে যে হ’বলগীয়া পত্নী সেই স্থানত নাই। চাৰিওফালে বিচাৰ–খোচাৰ কৰিও একো শুংসূত্ৰ উলিয়াব নোৱাৰি সঞ্জীৱে তাইক ফোন লগোৱাতহে ওলাই পৰিল আচল কাহিনী।

ফোনত তাই ক’লে, মোক পাহৰি যাওক আপুনি, মই আপোনাৰ সৈতে বিয়াত নবহো, আপুনি মোক আৰু কেতিয়াও ফোন নকৰিব।

এই কথা শুনি যেন সৰগ ভাগি পৰিল সঞ্জীৱৰ মূৰত।

মুহূৰ্ততে সঞ্জীৱে এই কথা ফোনযোগে জনালে যুৱতীগৰাকীৰ পিতৃক। লগতে জালুকবাৰী আৰক্ষী থানাত এই ঘটনা সন্দৰ্ভত দাখিল কৰিলে এখন এজাহাৰ।

বৰ্তমানপৰ্যন্ত জানিব পৰা হোৱা নাই যুৱতীগৰাকী কাৰ সৈতে পলাই গ’ল।