দুঃখবৰ! ৰাষ্ট্ৰীয় পদকপ্ৰাপ্ত খ্যাতিসম্পন্ন এথলীট লীলাৱতী দৈমাৰীৰ বিয়োগ

নিউজ ডেস্কঃ শাৰীৰিক অসুস্থতাৰ বাবে শয্যাগত হৈ থাকি শেষ নিশ্বাস ত্যাগ কৰিলে ৰাষ্ট্ৰীয় পদক বিজয়ী খ্যাতিসম্পন্ন এথলীট, ক্ৰীড়া পেঞ্চনাৰ লীলাৱতী দৈমাৰীয়ে।

দীৰ্ঘদিন ধৰি ৰোগত আক্ৰান্ত হৈ থকা এথলীট গৰাকীৰ শুকুৰবাৰে পুৱা ৮.১০ বজাত বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত খাটলপাৰা গাঁৱৰ স্বগৃহত মৃত্যু ঘটে।

লীলাৱতী দৈমাৰীৰ বিয়োগৰ খবৰে মৰ্মাহত কৰিছে অগণন ক্ৰীড়া প্ৰেমীক।

উল্লেখ্য যে, নগাঁও জিলাৰ ৰূপহীত জন্মগ্ৰহণ কৰি বিবাহসূত্ৰে বাক্সা জিলাৰ খাটলপাৰা গাঁৱৰ বোৱাৰী হোৱা লীলাৱতী দৈমাৰীয়ে জেভলীন থ্ৰ’ত ৰাষ্ট্ৰীয় পদক লাভ কৰিবলৈ সক্ষম হৈছিল।

ইয়াৰোপৰিও তেওঁ বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি জেভলীন থ্ৰ’ৰ লগতে শ্বটপুট আৰু ডিছকাছ থ্ৰ’ত ১৪টাকৈ ৰাজ্যিক পদক লাভ কৰিবলৈ সক্ষম হৈছিল।

image 241
দুঃখবৰ! ৰাষ্ট্ৰীয় পদকপ্ৰাপ্ত খ্যাতিসম্পন্ন এথলীট লীলাৱতী দৈমাৰীৰ বিয়োগ 2

অসম চৰকাৰৰ ক্ৰীড়া পেন্সন লাভ কৰা এইগৰাকী বিশিষ্ট এথলীট এগৰাকী সমাজ সেৱিকা হিচাপে পৰিচিত হোৱাৰ লগতে বাথৌ ধৰ্ম আৰু বাথৌ মহাসভাৰো সেৱিকা আছিল।

বিগত প্ৰায় ৫ মাহ পূৰ্বে স্বামী সনাতন বসুমতাৰীৰ মৃত্যু ঘটাৰ পিছতে ৰোগাক্ৰান্ত হৈ অৱশেষত শুকুৰবাৰে শেষ নিশ্বাস ত্যাগ কৰে লীলাৱতী দৈমাৰীয়েও।

বিশিষ্ট এথলীট গৰাকীৰ বিয়োগত স্থানীয় বিধায়ক ফণীধৰ তালুকদাৰৰ লগতে বিভিন্ন জন আৰু ক্ৰীড়া সন্থাই গভীৰ শোক ব্যক্ত কৰিছে।

মৃত্যুৰ সময়ত লীলাৱতী দৈমাৰীয়ে এগৰাকী পুত্ৰ, বিবাহিত কন্যাৰ লগতে অগণন গুনমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়।