দুঃখবৰ! জিমত শৰীৰ চৰ্চাৰ সময়তে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু আন এগৰাকী অভিনেতাৰ…

নিউজ ডেস্কঃ বলীউডৰ পৰা আহিল আন এক দুঃসংবাদ। পুনৰ হৃদৰোগত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱালে এগৰাকী অভিনেতাই।

শুকুৰবাৰে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে ছলমান খানৰ বডি ডাবল সাগৰ পাণ্ডেয়ে। জানিব পৰা মতে, মুম্বাইৰ এটা জিমত শৰীৰ চৰ্চা কৰি থকাৰ সময়তে হৃদৰোগত আক্ৰান্ত হয় সাগৰ।

লগে লগে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে সাগৰ পাণ্ডেক।

image 3
দুঃখবৰ! জিমত শৰীৰ চৰ্চাৰ সময়তে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু আন এগৰাকী অভিনেতাৰ… 3

৪৫ বছৰীয়া সাগৰ পাণ্ডেৰ মৃত্যুক শোক প্ৰকাশ কৰিছে অভিনেতা ছলমান খানে। কেইবাখনো ছবিত ছলমানৰ বডি ডাবল হিচাপে কাম কৰা সাগৰৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে বলীউডতো।

উল্লেখ্য যে, ‘কুছ কুছ হোতা হ্যে’ ছবিখনত প্ৰথমবাৰৰ বাবে বডি ডাবলৰ ৰূপত দেখা গৈছিল সাগৰ পাণ্ডেক। তাৰ পিছত ছলমানৰ ছুপাৰহিট ছবি বজৰংগী ভাইজান, প্ৰেম ৰতন ধন পায়, ডবাং, টিউবলাইট আদিকে ধৰি ৫০ খনৰো অধিক ছবিত ছলমানৰ বডি ডাবল হিচাপে কাম কৰিছিল সাগৰ পাণ্ডেয়ে।

image 4
দুঃখবৰ! জিমত শৰীৰ চৰ্চাৰ সময়তে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু আন এগৰাকী অভিনেতাৰ… 4

চকুত অভিনেতা হোৱাৰ সপোন লৈ এদিন উত্তৰ প্ৰদেশৰ পৰা মুম্বাইলৈ অহা সাগৰ পাণ্ডেয়ে ছলমান খানৰ বডি ডাবল হিচাপে কাম কৰি যথেষ্ট সুনাম অৰ্জন কৰিছিল। আনহাতে ষ্টেজ শ্ব’ৰ বাবেও তেওঁ হৈ পৰিছিল জনপ্ৰিয়।

প্ৰণিধানযোগ্য যে, শেহতীয়াকৈ শৰীৰ চৰ্চাৰ সময়তে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিছে কেইবাগৰাকী বলীউড অভিনেতাৰ। জনপ্ৰিয় কমেডিয়ান ৰাজু শ্ৰীবাস্তৱ, সিদ্ধাৰ্থ শুক্লাৰো শৰীৰ চৰ্চাৰ সময়তে হৃদৰোগৰ ফলত মৃত্যু ঘটিছিল।