অসমঅসমীয়া

দীপাৱলীৰ প্ৰাক্ক্ষণত জুৱাৰীৰ বিৰুদ্ধে অভিযান, আটক ২

নিউজ ডেস্ক। দীপাৱলীৰ নামত ৰাজ্যৰ বহু ঠাইত আয়ােজন কৰা হৈছে বৃহৎ বৃহৎ জুৱাৰ।

গুৱাহাটী মহানগৰীতাে দীপান্বিতাৰ নাম লৈ কেইবা ঠাইতাে মুকলি জুৱাৰ আয়ােজন কৰিছে অসাধু চক্ৰই।

ইপিনে, চন্দ্ৰপুৰ আৰক্ষী আৰু পানীখাইটি আৰক্ষীয়ে জুৱাৰীৰ বিৰুদ্ধে চলাইছে তীব্ৰ অভিযান।

photo-2021-10-30-12-40-09-2

এনে অভিযানৰ মাজতে মহানগৰীৰ পানীখাইটিত শুক্ৰবাৰে আৰক্ষীয়ে আটক কৰে দুজন জুৱাৰী।

পানীখাইটি আৰক্ষী চকীৰ এটি তহলদাৰী আৰক্ষীৰ দলে পানীখাইটি অঞ্চলৰ খেৰবাৰীৰ পৰা জুৱা খেলি থকা অৱস্থাত আৰক্ষীয়ে অভিযান চলাই জুৱা খেলা সামগ্ৰীৰ সৈতে দুজন জুৱাৰীক আটক কৰে।

photo-2021-10-30-12-40-09

আটক কৰা জুৱাৰী দুজন ক্ৰমে আব্দুল মালিক আৰু আব্দুল কাদেৰ।

আটকাধীন দুয়োজন জুৱাৰীক পানীখাইটি আৰক্ষী চকীয়ে শনিবাৰে পোৱাৰ ভাগত গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

photo-2021-10-17-09-31-10

Leave a Reply

Your email address will not be published. Required fields are marked *