অসম

দীপাৱলীৰ উছাহৰ মাজতে ভয়ংকৰ অগ্নিকাণ্ড, জুইত জাহ গ’ল লক্ষাধিক টকাৰ সা-সম্পত্তি…

দীপাৱলীৰ উছাহৰ মাজতে ভয়ংকৰ অগ্নিকাণ্ড।

নগাঁও চহৰৰ হয়বৰগাঁৱত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড।

চহৰখনৰ হয়বৰগাঁৱৰ হোটেল ব্লু-বাৰ্ড আৰু বীণাপানি নাট্যমন্দিৰৰ থিক সন্মুখতে সংঘটিত হয় এই অগ্নিকাণ্ড।

এই অগ্নিকাণ্ডৰ ফলত এখন কাপোৰৰ দোকান আৰু এখন গেলামালৰ দোকান সম্পূৰ্ণৰূপে জুইত জাহ যায়।

নিশা প্ৰায় ১১বজাত সংঘটিত হোৱা এই অগ্নিকাণ্ড ইমানেই ভয়ংকৰ আছিল যে মাত্ৰ কেইমুহূৰ্তমানৰ ভিতৰতে জুইৰ লেলিহান শিখাই গ্ৰাস কৰে ব্যৱসায়িক প্ৰতিষ্ঠান দুখনৰ সকলো সামগ্ৰী।

স্থানীয় ৰাইজে অগ্নিকাণ্ডৰ খবৰ দিয়াৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীৰ দুখন বাহনে অগ্নিনিৰ্বাপনৰ বাবে চেষ্টা চলাই যদিও তেতিয়ালৈ ব্যৱসায়িক প্ৰতিষ্ঠান দুখনৰ সকলো জুইত জাহ যায়।

অৱশ্যে ঘন বসতিপূৰ্ণ অঞ্চলটোৰ বহুকেইটা ঘৰ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *