অসম

সুধাকণ্ঠ অবিহনে পাৰ হ’ল এটা দশক, দৰদী শিল্পীগৰাকীক ৰাজ্যজুৰি স্মৰণ…

অনেক বিশেষণীয় বিশেষণেৰে বিভূষিত অপ্রতিদ্বন্দ্বী শিল্পী ড০ ভূপেন হাজৰিকাৰ আজি মহাপ্রয়াণৰ দিন।

 ২০১১ চনৰ ৫ নৱেম্বৰত ইহসংসাৰ ত্যাগ কৰা সুধাকণ্ঠৰ আজি দশম মৃত্যু বাৰ্ষিকী।

সংগীত সূৰ্যগৰকীৰ গীতে-মাতেৰ মুখৰ হৈ পৰিব ৰাজ্যৰ আকাশ-বতাহ।

ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে সুধাকাণ্ঠৰ দশম মৃত্যু বাৰ্ষিকী উপলক্ষে জালুকবাৰীস্থিত সমাধিক্ষেত্ৰত আয়োজন কৰিছে স্মৃতি তৰ্পণ আৰু সৰ্বধৰ্ম প্ৰাৰ্থনাৰ অনুষ্ঠিন।

ভাৰত ৰত্নগৰাকীৰ সমাধিক্ষেত্ৰত পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হ’ব শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠান।

আনহাতে সদৌ অসম ছাত্ৰ সন্থায়ো দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।

দীঘলীপুখুৰী পাৰত থকা সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত পুৱা ১০-৩০ বজাত আছুৰ নেতৃত্বই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।

ইফালে নিজৰাপাৰত থকা সুধাকণ্ঠৰ বাসগৃহত ড০ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে এক মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিছে।

এইদৰেই গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত ড০ ভূপেন হাজৰিকাক স্মৰণ কৰিব সাধাৰণ জনতাৰ লগতে বিভিন্ন দল-সংগঠন আদিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *