নিউজ ডেস্কঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শূণ্য ফলাফল প্ৰদৰ্শনৰ বাবে ৩৪ খন চৰকাৰী বিদ্যালয় বন্ধ হোৱা বাতৰিৰ আঁত ধৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বুধবাৰে কৰিছিল এটা টুইট। ইয়াৰ পিছতে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক উভতি ধৰিলে অসম চৰকাৰৰ বহুবল্কী মন্ত্ৰী পীযুষ হাজৰিকাই।
ৰাজ্যৰ সকলো প্ৰাসংগিক-অপ্ৰাসংগিক বিষয়তে মাত মাতি অহা কেবিনেট মন্ত্ৰীগৰাকীয়ে টুইটাৰত দিল্লীৰ কেজৰিৱাল চৰকাৰৰ চৰকাৰী ম’ডেল স্কুলৰ দাবী ভুৱা বুলিও অভিহিত কৰে। তেওঁৰ মতে, দিল্লীৰ চৰকাৰী বিদ্যালয়ৰ প্ৰদৰ্শন অসমৰ বিদ্যালয়তকৈও দুৰ্বল, সেয়ে এই সন্দৰ্ভত কথা কোৱাৰ কোনো অধিকাৰেই নাই কেজৰিৱালৰ।
উল্লেখ্য যে, অসমৰ কেইবাখনো চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ কেবিনেট সিদ্ধান্তৰ সন্দৰ্ভত এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি ৰি-টুইট কৰি কেজৰিৱালে লিখিছিল- “বিদ্যালয় বন্ধ কৰাটোৱেই সমাধান নহয়। দেশত অধিক বিদ্যালয় গঢ়ি তোলাৰ দিশত আমি কাম কৰা উচিত। বন্ধ কৰাৰ পৰিৱৰ্তে গুণগত মান উন্নীত কৰক যাতে প্ৰদান কৰা শিক্ষাৰ মানদণ্ড উন্নত হয়।”
Firstly,schools in Assam are not being closed,rather amalgamated to improve the overall educational environment!
— Pijush Hazarika (@Pijush_hazarika) August 25, 2022
Secondly,respected CM @ArvindKejriwal ji have no rights to speak on educational upliftment as his fake ‘Delhi Model Schools’ have been busted from time to time. (1/2) https://t.co/rO88xd3ywK
ইয়াৰ পিছতে অসমৰ কেবিনেট মন্ত্রী হাজৰিকাই আপৰ মুৰব্বীগৰাকীক এই মন্তব্যত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে তেওঁৰ “ভুৱা দিল্লী মডেল স্কুলবোৰৰ কাহিনী মাজে মাজে উন্মোচন হৈ আহিছে। সেই বাবেই শৈক্ষিক উন্নীতকৰণৰ সন্দৰ্ভত কথা কোৱাৰ কোনো অধিকাৰ নাই কেজৰিৱালৰ।
তেওঁ আৰু স্পষ্ট কৰি দিয়ে যে অসমত বিদ্যালয়সমূহ বন্ধ কৰা হোৱা নাই, বৰং সামগ্ৰিক শৈক্ষিক পৰিৱেশ উন্নত কৰাৰ বাবে বিদ্যালয়সমূহক একত্ৰিত কৰাহে হৈছে।
The AAP education model has demolished Delhi’s education system,bringing down Class X pass % from 99.09% in 2011 to 81.27% in 2022! The great model schools of Delhi stand poorly in all aspects as compared to Puducherry!
— Pijush Hazarika (@Pijush_hazarika) August 25, 2022
Kejriwal ji should visit Assam rather to learn. (2/2)
হাজৰিকাই টুইট কৰি কয়, “প্ৰথমতে, অসমৰ বিদ্যালয়সমূহ বন্ধ কৰা হোৱা নাই, বৰং একত্ৰিত কৰি সামগ্ৰিক শৈক্ষিক পৰিৱেশ উন্নত কৰা হৈছে! দ্বিতীয়তে, সন্মানীয় মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল জীৰ শৈক্ষিক উত্থানৰ ওপৰত কথা কোৱাৰ কোনো অধিকাৰ নাই, কিয়নো তেওঁৰ ভুৱা ‘দিল্লী মডেল স্কুল’ সমূহ সময়ে সময়ে উন্মোচন হৈ আহিছে।”
আৰু এটা টুইটত মন্ত্ৰীজনে ৰাষ্ট্ৰীয় ৰাজধানীত দশম শ্ৰেণীৰ উত্তীৰ্ণৰ হাৰ ২০১১ চনত সৰ্বোচ্চ ৯৯.০৯ শতাংশৰ পৰা ২০২২ চনত ৮১.২৭ শতাংশলৈ হ্ৰাস পোৱা বুলি দাবী কৰে। লগতে দিল্লীৰ মুখ্যমন্ত্ৰীক অসম ভ্ৰমণ কৰি দিল্লীত কাৰ্যকৰী কৰিবলৈ ইয়াত শিক্ষা ব্যৱস্থাৰ পৰা শিকিবলৈ কয় অসমৰ বহুবল্কী মন্ত্ৰীজনে।









