ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত! অহা ৪-৫ দিনলৈ কটা নহয় ই-চালান- মুখ্যমন্ত্ৰীৰ ঘোষণা…

অহা ৪-৫ দিনলৈ কটা নহয় ই-চালান।

এই কথা সদৰি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ৰাইজে নতুন ডিজিটেল ট্ৰেফিক ছিষ্টেম ভালদৰে জানি বুজি লোৱাৰ ক্ষেত্ৰত অসুবিধা হোৱাৰ বাবেই এই সিদ্ধান্ত অসমৰ চৰকাৰৰ।

মুখ্যমন্ত্ৰীয়ে কয় যে, ডিজিটেল ট্রেফিক ছিষ্টেম চলিবলৈ হলে ৰাইজে ইয়াৰ নিয়ম বোৰ ভালদৰে জানি বুজি ল’ব লাগিব। কত কিদৰে লাইট, চিচি কেমেৰা লগোৱা হৈছে, সেই বিষয়ে জানিব লাগিব।

উল্লেখ্য যে, বৰ্তমানে গুৱাহাটী মহানগৰীৰ ২০টা স্থানত লগোৱা হৈছে এই ডিজিটেল ছিষ্টেম।

মুখ্যমন্ত্ৰীয়ে কয়- বৰ্তমান ৰাইজে জানি লওক এই ডিজিটেল ছিষ্টেমত কেনেদৰে চলিব লাগে। অহা ৪-৫ দিনলৈ ই-চালান কটা নহয়। ৰাইজে প্ৰথমে ইয়াৰ বিষয়ে শিকি লওক।

তেওঁ লগতে কয়- এতিয়াৰ পৰা হেলমেট পৰিধান নকৰিলে কোনেও ৰেহাই নাপাই, সেয়া লাগিলে আৰক্ষীৰ লোকেই হওক। আৰক্ষীৰ লোকেও হেলমেট পৰিধান নকৰিলে জৰিমনা ভৰিব লাগিব।