দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াৰ বিৰুদ্ধে মানহানিৰ গোচৰ হিমন্ত বিশ্ব শৰ্মাৰ…

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াৰ বিৰুদ্ধে এইবাৰ মানহানিৰ গোচৰ তৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মনীষ চিছ’দিয়াৰ অভিযোগ মিছা আখ্যা মানহানিৰ গোচৰ ৰুজু কৰে হিমন্ত বিশ্ব শৰ্মাই।

ইতিমধ্যে গোচৰৰ শুনানি লৈ আদালতে চিছ’দিয়ালৈ জাননী জাৰি কৰা বুলিও জানিব পৰা গৈছে।

উল্লেখ্য যে, দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সংবাদমেল সম্বোধন কৰি উত্থাপন কৰিছিল কেইবাটাও অভিযোগ।

ক’ভিডৰ সময়ত পি পি ই কীটক লৈ দুৰ্নীতিৰ অভিযোগ তুলিছিল ছিছ’দিয়াই।

ইফালে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াৰ এই সকলো অভিযোগক ভিত্তিহীন আখ্যা দি অসম চৰকাৰৰ মহাধিবক্তা দেৱজিত শইকীয়াই সংবাদমেলত কয়- ‘জেচিবি ইণ্ডাষ্ট্ৰিজে NHMৰ পৰা কোনো ধৰণৰ টকা লোৱা নাছিল। ঠিকাৰ বাবে আবেদনো কৰা নাছিল।

তেওঁ লগতে, হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালক মনীষ ছিছ’দিয়াই মিছা অপবাদ দিয়া বুলিও মন্তব্য কৰে।

দেৱজিত শইকীয়াই লগতে কয়- ‘হিমন্ত বিশ্বৰ বিৰুদ্ধে অনা অভিযোগ অসত্য হ’লে কাৰাগাৰলৈ যাব লাগিব দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়া।’

উল্লেখ্য যে, সমগ্ৰ বিষয়টো সন্দৰ্ভত ২২ জুলাইত নিজেই আদালতত যুক্তি দৰ্শাব পাৰিব হিমন্ত বিশ্ব শৰ্মাই।

কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাইও মনীষ চিছ’দিয়াৰ বিৰুদ্ধে ১০০ কোটি টকাৰ মানহানি গোচৰ তৰিছিল।