কাকপথাৰত আৰক্ষী, সেনা আৰু আলফা (স্বাধীন) ৰ মাজত সংঘৰ্ষ।
আলফা (স্বা)ৰ দুৰ্ধষ সদস্য ৰূপম অসমৰ নেতৃত্বত ৬জনীয়া দলৰ সৈতে সংঘৰ্ষ।
সেনাৰ গুলীত নিহত হৈছে এগৰাকী আলফা সদস্য।
কাকপথাৰৰ দ পথাৰ মাজগাঁৱত সংঘটিত হৈছে ঘটনা।
জানিব পৰা মতে আত্মগোপন কৰি আছিল আলফাৰ ৬জনীয়া এটা দলে।
ভোলা চাংমাই নামৰ এজন লোকৰ ঘৰত আশ্রয় লৈ আছিল দলটোৱে।
আৰক্ষী আৰু সেনাৰ অভিযানকাৰী দললৈ গ্রেণেড নিক্ষেপ কৰে আলফাৰ দলটোৱে।
দলটোত আছে ৰিংকু অসম, উদয় অসম আৰু মৃগাংক অসম।
ইপিনে সেনা, আৰক্ষী আৰু আলফাৰ দলটোৰ গুলী সোমাইছেগৈ স্থানীয় লোকৰ ঘৰত।
ঘৰৰ ভিতৰতে আবদ্ধ হৈ আছে অঞ্চলটোৰ স্থানীয় লোক।
ঘটনাস্থলীলৈ ৰাওনা হৈছে আৰক্ষী অধীক্ষক দেৱজিত দেউৰী।
আৰক্ষী অহাৰ উমান পাই দলটোৱে গ্ৰেনেড নিক্ষেপ কৰিছিল।
আলফাৰ ৩ জন সদস্য গুলীবিদ্ধ হোৱাৰ দাবী কৰিছে আৰক্ষীয়ে।









