অসমীয়াৰাষ্ট্ৰীয়

দিন হাজিৰা কৰা এজন যুৱকৰ বেংক একাউণ্টত সোমাল ৩ হাজাৰ কোটি টকা! ক’লে- মোক এই ধন নালাগে…

নিউজ ডেস্কঃ বেংকত টকা উলিয়াবলৈ গৈ চকু থৰ লাগিল পশ্চিমবংগৰ উত্তৰ ২৪ পৰগণা জিলাৰ এজন সাধাৰণ শ্ৰমিকৰ।

নিজৰ বেংক একাউণ্টত ৩ হাজাৰ কোটি টকা দেখি কিংকৰ্তব্যবিমূড় হৈ পৰে দৈনিক হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা সাধাৰণ শ্ৰমিকজনে।

অৱশ্যে শ্ৰমিকজনে স্পষ্টভাৱে এই ঘোষণা কৰে যে তেওঁক এই ধনৰ কোনো প্ৰয়োজন নাই। নিজে কষ্টৰে উপাৰ্জন কৰা খিনিৰেই তেওঁ সুখী।

বেংকৰ পৰা ধন উলিওৱাৰ সময়ত উত্তৰ ২৪ পৰগনাৰ হাব্ৰা আৰক্ষী থানাৰ বাউগাছি নাংলা পাৰাৰ সুদীপ্ত নামৰ যুৱকজনে নিজৰ বেংক একাউণ্টত প্ৰত্যক্ষ কৰে ৩ হাজাৰ কোটি টকা।

Habra Man

দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা যুৱকজনে বেংক একাউণ্টত ইমানখিনি টকা প্ৰত্যক্ষ কৰাৰ লগে লগে হাব্ৰা থানাৰ কাষ চাপে।

জানিব পৰা মতে, সুদীপ্তই দীৰ্ঘদিন ধৰি মহাৰাষ্ট্ৰত কৰ্মৰত আছিল। মাতৃৰ মৃত্যুৰ পিছত তেওঁ গাঁওলৈ উভতি আহে আৰু তাতেই পথাৰত দিন হাজিৰা কৰিবলৈ আৰম্ভ কৰে।

বেংকত জমা হোৱা কিছু টকা উলিয়াবলৈ তেওঁ স্থানীয় চাৰ্ভিচ চেণ্টাৰলৈ যোৱাৰ পিছতে বেংক একাউণ্টত তিনি হাজাৰ কোটি টকা দেখি তেওঁ আচম্বিত হৈ পৰে।

image 15

আনহাতে সাধাৰণ যুৱকজনৰ একাউণ্টত ক’ৰ পৰা ইমানবোৰ টকা সোমাল, সেই বিষয়ে অজ্ঞাত বেংক বিষয়াসকলো। একাউণ্টটো আপাততঃ ব্লক কৰা হৈছে।

এই প্ৰসংগত সুদীপ্তই প্ৰশাসনৰ কাষ চাপিছে। তেওঁ কয়, “মই টকা নিবিচাৰো। কিন্তু একাউন্টটো সোনকালে এক্টিভেট কৰিব লাগে। যাতে মোৰ হাতত থকা টকাখিনি উলিয়াব পাৰো। মোক অতিৰিক্ত টকাৰ প্ৰয়োজন নাই।”

লগতে চাওকঃ

উৎকোচ কাণ্ড! ঘােচ লৈ হাতে-লোটে ধৰা পৰিল কনিষ্ঠ অভিযন্তা দেৱাশীষ দাস, ঘৰতাে চলিল অভিযান

961

Leave a Reply

Your email address will not be published. Required fields are marked *