দায়বদ্ধতা! ৰাজপথৰ তীব্ৰ যান-জঁটত আৱদ্ধ হৈ পৰিল এগৰাকী চিকিৎসক, সময়মতে অস্ত্ৰোপচাৰ সম্পন্ন কৰিবলৈ ৩ কিলোমিটাৰ দৌৰি উপস্থিত হ’ল হাস্পতালত

নিউজ ডেস্কঃ ৰোগীৰ মৃত্যুৰ বাবে চিকিৎসকক দায়ী কৰি চিকিৎসকৰ ওপৰত আক্ৰমণৰ ঘটনা ভাৰতত প্ৰায়েই দেখিবলৈ পোৱা যায়। কিন্তু এগৰাকী ৰোগীৰ জীৱনৰ প্ৰতি এগৰাকী চিকিৎসক কিমান দায়বদ্ধ সেয়া বহুতেই নুবুজে।

বাংগালুৰুৰ এগৰাকী চিকিৎসকে পুনৰ এবাৰ প্ৰমাণ কৰি দেখুৱালে ৰোগীৰ প্ৰতি চিকিৎসকৰ থকা দায়বদ্ধতাৰ কথা।

সমগ্ৰ ভাৰতৰ ভিতৰতে তীব্ৰ যান-জঁটৰ বাবে পৰিচিত বাংগালুৰুৰ ৰাজপথত আৱদ্ধ হৈ পৰা চিকিৎসকগৰাকীয়ে সময়মতে অস্ত্ৰোপচাৰ সম্পন্ন কৰিবলৈ ৩ কিলোমিটাৰ পথ দৌৰি হাস্পতালত উপস্থিত হয়।

শেহতীয়াকৈ সামাজিক মাধ্যমত বিশেষভাৱে চৰ্চিত হৈছে চিকিৎসক গৰাকীৰ ৰোগীৰ প্ৰতি থকা দায়বদ্ধতাৰ এই কাহিনী।

image 85
দায়বদ্ধতা! ৰাজপথৰ তীব্ৰ যান-জঁটত আৱদ্ধ হৈ পৰিল এগৰাকী চিকিৎসক, সময়মতে অস্ত্ৰোপচাৰ সম্পন্ন কৰিবলৈ ৩ কিলোমিটাৰ দৌৰি উপস্থিত হ’ল হাস্পতালত 3

দৰাচলতে গেষ্ট্ৰ’এণ্টেৰ’লজী অস্ত্ৰোপচাৰ বিশেষজ্ঞ ডাঃ গোবিন্দ নন্দকুমাৰে সৰ্জাপুৰৰ মণিপাল হাস্পতাললৈ জৰুৰীকালীন লেপাৰ’স্ক’পিক পিত্তথলীৰ অস্ত্ৰোপচাৰ কৰিবলৈ গৈ থকা সময়তে বাংগালুৰুৰ তীব্ৰ যান-জঁটত আৱদ্ধ হৈ পৰে।

দীৰ্ঘ সময় পথৰ মাজতে আৱদ্ধ হৈ থাকি চিকিৎসকগৰাকীয়ে বুজিলে যে তেওঁ এই যান-জঁট শেষ হোৱালৈকে ৰখিলে অস্ত্ৰোপচাৰৰ বাবে বহু পলম হৈ যাব।

যাৰ বাবে চিকিৎসকগৰাকীয়ে ৰাজপথতে তেওঁ যাত্ৰা কৰা বাহনখন এৰি ৩ কিলোমিটাৰ পথ দৌৰি দৌৰি হাস্পতালত উপস্থিত হৈ সময়তে ৰোগীৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰে। যাৰ ফলত এতিয়া ৰোগীজনো সম্পূৰ্ণ সুস্থ হৈ আছে।

Fccms7oagAAPc8T
দায়বদ্ধতা! ৰাজপথৰ তীব্ৰ যান-জঁটত আৱদ্ধ হৈ পৰিল এগৰাকী চিকিৎসক, সময়মতে অস্ত্ৰোপচাৰ সম্পন্ন কৰিবলৈ ৩ কিলোমিটাৰ দৌৰি উপস্থিত হ’ল হাস্পতালত 4

উল্লেখ্য যে, চিকিৎসক ডা০ গোবিন্দ নন্দকুমাৰে পূৰ্বেও বহুবাৰ তীব্ৰ যান-জঁটৰ বাবে খোজ কাঢ়ি হাস্পতালত উপস্থিত হৈ চিকিৎসা সেৱা প্ৰদান কৰি আহিছে।

চিকিৎসকগৰাকীৰ ৰোগীৰ প্ৰতি থকা দায়বদ্ধতাক সকলোৱে প্ৰশংসা কৰিছে।