ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকঃ ৰাজ্যত দুখন বিশ্ববিদ্যালয় স্থাপনৰ সিদ্ধান্ত…

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক।

দেওবাৰ অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেটত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

সেই অনুসৰি…

ৰাজ্যত দুখন বিশ্ববিদ্যালয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে।

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়, প্রাগজ্যোতিষ বিশ্ববিদ্যালয় স্থাপনত অনুমোদন কেবিনেটৰ।

দুগ্ধ উৎপাদন বৃদ্ধি আৰু ইয়াৰ সৈতে জড়িত লোকক সকাহ দিয়াৰ সিদ্ধান্ত।

ডিব্রুগড় আৰু যোৰহাটত স্থাপন হ’ব দুগ্ধ প্রক্রিয়াকৰণৰ ইউনিট।

নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ বাবে অতিৰিক্ত ৩৯৭ কোটি টকাৰ অনুমোদন।

মুঠ ৬১৫ কোটি ব্যয় কৰি নিৰ্মাণ কৰা হ’ব মেডিকেল কলেজখন।

ৰাজ্যৰ ৩৪খন পলিটেকনিক, ৪৩খন ITIত টাটাই শিক্ষা প্রদান কৰিব।

যাৰ আন্তগাঁথনি নিৰ্মাণৰ বাবে ৩৬৬ কোটি টকাৰ অনুমোদন।

সাধাৰণ গোচৰ নিষ্পত্তিৰ বাবে ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

৪লাখ ১৯ হাজাৰ গোচৰৰ সৰলীকৰণৰ বাবে নিস্পত্তি হ’ব প্ৰায় ৩ লাখ গোচৰ।