অসমীয়া

দাদা চাহেব ফাল্কে চলচ্ছিত্ৰ মহোৎসৱলৈ মনোনীত দেৱ কুমাৰ বৰাৰ ‘ইন্দ্ৰনীল’

নিউজ ডেস্কঃ অসমীয়া চলচ্ছিত্ৰ জগতলৈ আন এক সুখবৰ কঢ়িয়াই আনিছে বিশিষ্ট পৰিচালক দেৱ কুমাৰ বৰাৰ ‘ইন্দ্ৰনীল’-এ।

দেশৰ অন্যতম চলচ্ছিত্ৰ মহোৎসৱ দাদা চাহেব ফাল্কে চলচ্ছিত্ৰ মহোৎসৱলৈ মনোনীত হৈ ‘ইন্দ্ৰনীল’ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমীয়া ছবিক পুনৰ এবাৰ উজ্বলাই তুলিবলৈ সক্ষম হৈছে।

WhatsApp Image 2022 05 03 at 7.26.40 PM 1

উল্লেখ্য যে, দেৱ কুমাৰ বৰাৰ ‘মুক্তি’ নামৰ গল্পৰ আধাৰত সম্পূৰ্ণ অসমীয়া গ্ৰাম্য পটভূমিত নিৰ্মাণ কৰা ‘ইন্দ্ৰনীল’ত বিধৱা বিবাহকে ধৰি নানান বৈচিত্ৰপূৰ্ণ ছবি ফুটাই তোলা হৈছে। ছবিখনৰ প্ৰযোজনা কৰিছে বৰ্ণালী চৌধুৰীয়ে।

ইন্দ্ৰনীলৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা ৰাগ ঐনিতমে। ছবিখনত কেইবাগৰাকীও নৱাগত কলা-কুশলীয়েও অভিনয় কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *