অসম

এখন ব্যতিক্ৰমী বিয়া! এজোপা বট গছ আৰু আঁহত গছৰ মাজত বৈদিক ৰীতি নীতিৰে সম্পন্ন হ’ল বিবাহ…

এখন ব্যতিক্ৰমী বিয়া।

আয়তীৰ বিয়া নাম, উৰুলি আদিৰে মুখৰিত হ’ল বিয়া চৌহদ। সজাই পৰাই তোলা হ’ল দৰা-কইনাক৷

অৱশ্যে এই বিয়াখন কোনো যুৱক-যুৱতীৰ মাজত নহয়।

এজোপা বট গছ আৰু আঁহত গছৰ মাজতহে সম্পন্ন হৈছে এই বিবাহকাৰ্য৷

681

এই ঘটনা সংঘটিত হৈছে তামুলপুৰ জিলাৰ কালাকুছি গাঁৱৰ বেলতল চুবুৰীত৷

সম্পূৰ্ণ বৈদিক পৰম্পৰা ৰক্ষা কৰি সম্পন্ন কৰা হয় বিবাহ কাৰ্য৷

উল্লেখ্য যে, কেইবছৰমান পূৰ্বে অঞ্চলটোৰ এজন লোকে সপোনত এটা মন্দিৰত থকা এজোপা বট আৰু আঁহত গছৰ মাজত বিবাহকাৰ্য সমাপন হোৱা দেখিছিল৷

লোকজনে সপোনত গছ দুজোপাৰ মাজত বিবাহকাৰ্য সম্পন্ন নহ’লে অঞ্চলটোত অপায়-অমংগল হোৱা দেখিছিল৷

এই কথা ৰাইজৰ আগত অৱগত কৰাত গছ দুজোপাৰ মাজত উলহ-মালহে সম্পন্ন কৰা হয় বিবাহকাৰ্য।

লগতে চাওকঃ

সঁচা প্ৰেম! যুদ্ধত দুয়োখন ভৰি হেৰুওৱা নাৰ্ছক হাস্পতালত বিয়া কৰালে প্ৰেমিক

G9

Leave a Reply

Your email address will not be published. Required fields are marked *