অসম

‘আন্দোলন নহ’লে তেওঁলোকৰ দোকান নচলে’-‘কা’আন্দোলন ঘোষণাক লৈ AJPক কটাক্ষ জয়ন্ত মল্ল বৰুৱাৰ…

ৰাজ্যত পুনৰ উঠিছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ উক মুকনি।

ইতিমধ্যে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে অহা ১১ ডিচেম্বৰৰ পৰা ‘কা’ বিৰোধী আন্দোলন আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে।

সকলো দল-সংগঠনৰ আন্দোলনত চামিল হ’বলৈ আহ্বান লুৰীণজ্যোতি গগৈৰ।

এই আহ্বানৰ পিছতেই কা আন্দোলনকাৰীক কটাক্ষ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ।

তেওঁ কয়- ‘আন্দোলন নহ’লে তেওঁলোকৰ দোকানবোৰ নচলে, চান্দাও নুঠে।’

মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই কা আন্দোলন সম্পৰ্কত মন্তব্য প্ৰকাশ কৰি কয় যে, একাংশ তথাকথিত নেতাৰ চাণ্ডাৰ দোকানখন বন্ধ হোৱাৰ বাবে এতিয়া আন্দোলন কৰিবলৈ গা পিৰপিৰাই আছে।

লগতে চাণ্ডাৰ ধাণ্ডাৰ বাবেহে একাংশই আন্দোলন কৰে বুলিও মন্তব্য কৰে জয়ন্ত মল্ল বৰুৱাই।

Leave a Reply

Your email address will not be published. Required fields are marked *