ৰাষ্ট্ৰীয়

দক্ষিণৰ জনপ্ৰিয় অভিনেতা পুনিত ৰাজকুমাৰৰ দেহাৱসান…

দক্ষিণৰ জনপ্ৰিয় অভিনেতা পুনিত ৰাজকুমাৰৰ দেহাৱসান। ৪৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা গৰাকীয়ে।

হৃদৰোগত আক্ৰান্ত হৈ ভৰ্তি কৰোৱা হৈছিল বাংগালুৰুৰ হাস্পতালত।

জানিব পৰা মতে, অভিনেতাজনে তেওঁৰ জিমত ব্যায়াম কৰি থকা অৱস্থাত হঠাতে বাগৰি পৰে। লগে লগে তেওঁক বিক্ৰম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

FC3sm-KVVQAYp-ZJK

পুনীত ৰাজকুমাৰৰ মৃত্যুৰ বাতৰিটোৱে তেওঁৰ বহুতো সহকৰ্মীৰ লগতে সমগ্ৰ চলচ্চিত্ৰ উদ্যোগৰ কলা-কুশলীক শোকাহত কৰি পেলাইছে।

তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতেই চিকিৎসালয় চৌহদত ভিৰ কৰেহি অজস্ৰজনে। ইয়াৰোপৰি কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাইও চিকিৎসালয়ত উপস্থিত হয়।

অনুৰাগীয়ে পুনিত ৰাজকুমাৰক অপ্পু নামেৰে মাতিছিল।

FC37-BXJVIAED8z-G

উল্লেখ্য যে পাৱাৰষ্টাৰ হিচাপে জনাজাত পুনীত ৰাজকুমাৰ এজন অবিশ্বাস্যভাৱে প্ৰিয় চুপাৰষ্টাৰ আছিল। যিয়ে চলচ্চিত্ৰ প্ৰযোজক হিচাপে কৰা প্ৰচেষ্টাত সকলোৰে পৰা যথেষ্ট প্ৰশংসা লাভ কৰিছিল।

কৰ্মক্ষেত্ৰত পুনীতে অলপতে পৰিচালক চেথান কুমাৰৰ সৈতে ‘জেমছ’ৰ দৃশ্যগ্ৰহণ সমাপ্ত কৰিছিল আৰু বহু প্ৰতীক্ষিত ‘দ্বিতভা’ত পৱন কুমাৰৰ সৈতে সহযোগিতাৰে কাম আৰম্ভ কৰিছিল।

তেওঁৰ আটাইতকৈ শেহতীয়া ছবি মুক্তি লাভ কৰে ‘যুৱৰথনা’।

লগতে চাওকঃ

কেনে আছে জুবিন গাৰ্গ? চিকিৎসালয়ৰ পৰা অসমবাসীক কি ক’লে জুবিনে…?

926

মহিলাই একেলগে প্ৰসৱ কৰিলে ৪ সন্তান!

G2 18

Leave a Reply

Your email address will not be published. Required fields are marked *