অসম

তেল চুৰি কৰা গাড়ীলৈ লক্ষ্য কৰি নিৰাপত্তাৰক্ষীৰ গুলীচালনা…

এইবাৰ তিনিচুকীয়াৰ বাৰেকুৰিত তেল চুৰি কৰা গাড়ীলৈ লক্ষ্য কৰি নিৰাপত্তাৰক্ষীৰ গুলীচালনা।

বাৰেকুৰি আৰক্ষী থানাৰ উদ্যোগিক নিৰাপত্তাৰক্ষীৰ এটা দ’লে As23 CC5869 নম্বৰৰ এখন চোৰাং কণ্ডেনচেট ভৰ্ত্তি য়ুদ্ধা বাহন জব্দ কৰিবলৈ সক্ষম হয়।

কিন্তু সেই সময়তে বাহনখন লৈ পলায়ন কৰে তেল চুৰৰ দলটোৱে৷

তাৰ পিছতেই নিৰাপত্তাৰক্ষীৰ দলটোৱে বাহনখন পিছ লয় যদিও বাহনখনে পলায়ন কৰাত নিৰাপত্তাৰক্ষীৰ দলটোৱে বাহনখনৰ চকালৈ লক্ষ্য কৰি ১১ জাই গুলী নিক্ষেপ কৰে৷

গুলী লাগি বাহনখনৰ চকা পামচাৰ হয় যদিও বাহনখন পলায়ন কৰে আৰু কণ্ডেনচেট ভৰ্ত্তি ৭ টাকৈ ড্ৰাম পথত পৰি যায়৷

ইতিমধ্যে ঘটনাস্থলীত বাৰেকুৰি আৰক্ষী থানাৰ আৰক্ষীৰ লগতে অইল নিৰাপত্তা বিভাগৰ বিষয়া উপস্থিত হৈ পলায়ন কৰা বাহনখনৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *