অসমীয়াঅসম

থানা জ্বলাই দিয়া জনক নহয়, থানা মেৰামতি কৰিবলৈহে AIUDFএ দিব লাগিছিল সাহায্যঃ বটদ্ৰৱা কাণ্ডক লৈ প্ৰতিক্ৰিয়া শৃংখল চলিহাৰ

নিউজ ডেস্কঃ বটদ্ৰৱা কাণ্ডক লৈ ৰাজ্যত এতিয়াও অব্যাহত আছে প্ৰতিক্ৰিয়া। একাংশ দুস্কৃতিকাৰীয়ে দিনৰ পোহৰতে থানা চৌহদত প্ৰৱেশ কৰি অগ্নিসংযোগ কৰা কাৰ্যক সহজভাৱে ল’ব পৰা নাই কোনেও।

বটদ্ৰৱাত সংঘটিত এনে নিন্দনীয় ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বীৰ লাচিত সেনাই। মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই বটদ্ৰৱাৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দোষীক কঠোৰ শাস্তি বিহাৰ দাবী জনায়।

আজি থানা জ্বলাই দিছে, কাইলৈ এইসকল লোকেই সত্ৰত আক্ৰমণ কৰিব বুলি মন্তব্য কৰি শৃংখল চলিহাই কয় যে অসমৰ জাতীয় সত্বাৰ ওপৰত কোনোবাই আঘাত হানিলে বীৰ লাচিত সেনাই ইয়াৰ প্ৰত্যাক্ৰমণ কৰিবলৈ সাজু।

আনহাতে বটদ্ৰৱাত আৰক্ষীৰ জিম্মাত মৃত্যু ঘটা ছফিকুল নামৰ যুৱকজনৰ পৰিয়ালক এআইইউডিএফে প্ৰদান কৰা সাহায্য সন্দৰ্ভতো তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে বীৰ লাচিত সেনাই। বিধায়ক আমিনুল ইছলামে দুস্কৃতিকাৰীৰ পৰিয়ালক নহয়, বৰং থানাখনৰ মেৰামতিৰ বাবেহে এক লাখ টকাটো দিব লাগিছিল বুলি কয় শৃংখল চলিহাই।

Leave a Reply

Your email address will not be published. Required fields are marked *