অসম

ঘোচ লোৱা অৱস্থাতে হাতে লোতে ধৰা পৰিল জিলা উদ্যোগ ও বাণিজ্য কেন্দ্ৰৰ পৰিচালক…

দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি আৰু তদাৰক শাখাৰ অভিযান।

এইবাৰ ঘোচ লোৱা অৱস্থাতে হাতে লোতে ধৰা পৰিল জিলা উদ্যোগ ও বাণিজ্য কেন্দ্ৰৰ পৰিচালক।

মুখ্যমন্ত্ৰীৰ দুৰ্নীতি আৰু তদাৰক শাখাৰ জালত দৰং জিলা উদ্যোগ ও বানিজ্য কেন্দ্ৰৰ পৰিচালক হেমন্ত কুমাৰ তালুকদাৰ।

2 3

ঘোচ লৈ থকা অৱস্থাত হাতে লোতে ধৰিলে মুখ্যমন্ত্ৰী দুৰ্নীতি আৰু তদাৰক শাখাই।

প্ৰাঞ্জল নাথ নামৰ লোক এজনৰ পৰা পৰা ডি আই চি লোনৰ বাবে ১৫হাজাৰ টকা বিচাৰিছিল তালুকদাৰে।

উৎকোচ বিচৰা বুলি দুৰ্নীতি নিবাৰক শাখাৰ ওচৰত অভিযোগ দিয়াৰ পিছত আজি এটা দলে গোপনে অভিযান চলাই বিষয়াগৰাকীক আটক কৰে।

মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাক এই ক্ষেত্ৰত পূৰ্ণ সহযোগিতা আগবঢ়াই দৰং আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *