তেল ডিপুৰ NOC দিয়াৰ নামত ধন লোৱা সহকাৰী কাৰ্য্যবাহী অভিযন্তা দীপক মজুমদাৰক গ্ৰেপ্তাৰ…

অৱশেষত গ্ৰেপ্তাৰ হ’ল ৰঙিয়া লোকনিৰ্মাণ বিভাগৰ (পথ) সহকাৰী কাৰ্য্যবাহী অভিযন্তা দীপক মজুমদাৰ। 

তেল ডিপুৰ NOC দিয়াৰ নামত ধন লোৱা সহকাৰী কাৰ্য্যবাহী অভিযন্তা দীপক মজুমদাৰক গ্ৰেপ্তাৰ।

বিষয়াজনে ধন লোৱা বুলি স্বীকাৰ কৰা ফোন টেপিং প্ৰচাৰ হোৱাৰ পিছতে বিষয়টোৱে তীব্ৰ চৰ্চা লাভ কৰিছিল।

আনকি এন অ’ চিৰ নামত ধন আদায় দিবলগীয়া হোৱা খনিন মেধী নামৰ ব্যক্তিজনে ৰঙিয়া থানাত গোচৰ ৰুজু কৰুছিল।

যোৱা ১৯ ছেপ্তেম্বৰত ভাৰতীয় দণ্ডবিধিৰ ৩৮৪/৪২০/৪০৬/৫০৬ আৰু ৩৪ ধাৰাৰ অধীনত ১০১৩/২১ নম্বৰত এটা গোচৰ ৰুজু হয় মজুমদাৰৰ বিৰুদ্ধে।

ইয়াৰ সমান্তৰালভাৱে কামৰূপ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ ফালৰ পৰাও আন এক তদন্ত অব্যাহত আছিল।

কামৰূপ উপায়ুক্ত কাৰ্য্যালয়ৰ ফালৰ পৰাও ঘটনাৰ মূল অভিযুক্ত সহকাৰী কাৰ্য্যবাহী অভিযন্তা দীপক মজুমদাৰৰ লগতে কাৰ্য্যবাহী অভিযন্তা দীপক বৈশ্য আৰু উচ্চবৰ্গৰ সহায়ক প্ৰণৱেশ ভট্টাচাৰ্য্যক অতিৰিক্ত জিলা উপায়ুক্ত পৰ্যায়ৰ বিষয়া এজনে ভাষ্য গ্ৰহণ কৰিছিল।

অতিৰিক্ত জিলা উপায়ুক্ত পৰ্যায়ৰ বিষয়া এজনে দুয়োজন বিষয়াৰ লগতে কৰ্মচাৰী গৰাকীৰ ভাষ্য গ্ৰহণ কৰাৰ পিছত ৰঙিয়া আৰক্ষীয়ে প্ৰথমে বিভাগটোৰ কাৰ্য্যবাহী অভিযন্তা গৰাকীৰ লগতে উচ্চবৰ্গৰ সহায়ক জনক থানালৈ মাতি নি সাক্ষ্য গ্ৰহণ কৰিছিল।

ইয়াৰ প্ৰায় চাৰিদিন পিছতে অৰ্থাৎ শুকুৰবাৰে সাক্ষ্য গ্ৰহণ কৰিবৰ বাবে মাতি পঠাইছিল সহকাৰী কাৰ্য্যবাহী অভিযন্তা দীপক মজুমদাৰক।

দিনৰ প্ৰায় ১২ বজাত মজুমদাৰ ৰঙিয়া আৰক্ষী থানাত উপস্থিত হোৱা মাত্ৰকে আৰক্ষীয়ে বিষয়া জনক গ্ৰেপ্তাৰ কৰে।

ইতিমধ্যে ৰঙিয়াৰ ন্যায়িক আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে মজুমদাৰক।

Leave a Comment