অসম

বৰাক উপত্যকাক পৃথক কৰি অন্য এখন ৰাজ্য গঠনৰ দাবী ড° নগেন শইকীয়াৰ…

বৰাক উপত্যকাক পৃথক কৰি অন্য এখন ৰাজ্য গঠনৰ দাবী বিশিষ্ট সাহিত্যিক ড° নগেন শইকীয়াৰ।

শুক্ৰবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা এক সংবাদমেলত বিশিষ্ট সাহিত্যিক গৰাকীয়ে চৰকাৰে অতি সোনকালে বৰাক উপত্যকাক মহাবাহু ব্ৰহ্মপুত্ৰৰ উপত্যকাৰ পৰা পৃথক কৰি অন্য এখন ৰাজ্য গঠন কৰাৰ দাবী জনায়।

সংবাদমেলত তেওঁ কয়, বৰাকত অসম আৰু অসমীয়া বিদ্বেষী মনোভাব ক্রমাৎ বৃদ্ধি পোৱালৈ চাই অনিচ্ছাসত্ত্বেও মনলৈ এই ভাব কঢ়িয়াই আনিছে যে, বৰাক উপত্যকাক পৃথক ৰাজ্যৰ মৰ্যাদা দিয়াৰ ব্যৱস্থাইহে এনে সংঘাতৰ ওৰ পেলোৱা সম্ভৱ হ’ব।

শান্তিৰ বাবে চৰকাৰে বৰাক উপত্যকাক পৃথক কৰি দিয়া উচিত। আমি শান্তি বিচাৰো, চৰকাৰ লৈ মোৰ এই আহ্বান নহয় এইয়া মোৰ দাবী বুলি মন্তব্য কৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে।

ইফালে সদায় সংঘাতৰ সৃষ্টি হোৱাতকৈ এখন পৃথক ৰাজ্যৰ দাবী কৰি বৰ্তমানৰ ৰাজ্যৰ বিজেপি দল আৰু চৰকাৰে দলীয় লাভ-লোকচানৰ দৃষ্টিৰে বিষয়টো নাচাই, অসমৰ আৰু তাৰ দ্বাৰা বৰাকৰো শান্তি-শৃংখলা ৰক্ষাৰ বাবে আৰু ভাষিক উগ্রবাদ দূৰ কৰিবৰ বাবে এই বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰিবলৈও দাবী জনাই বিশিষ্ট সাহিত্যিকগৰাকীয়ে 

Leave a Reply

Your email address will not be published. Required fields are marked *