অসম

উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ হ’ল GMCৰ সহকাৰী অভিযন্তা দিবাকৰ মালী…

উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ হ’ল GMCৰ সহকাৰী অভিযন্তা দিবাকৰ মালী।

৫হাজাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল দিবাকৰ মালী।

ভিজিলেন্স এন্টি কৰাপচনৰ দলে হাতে লোটে ধৰে সহকাৰী অভিযন্তাগৰাকীক।

ঠিকাদাৰক পুজিঁ মুকলাই দিয়াক লৈ এই উৎকোচ সংগ্ৰহ কৰিছিল অভিযন্তাগৰাকীয়ে।

বিলৰ নামত ৩০ শতাংশ কমিছন বিচাৰিছিল মালীয়ে।

SHIVANSH এন্টাৰপ্ৰাইজৰ পৰা বিছাৰিছিল কমিছন।

SHIVANSH এন্টাৰপ্ৰাইজৰ বিষয় ববীয়া আছিল-মানস বৰ্মন, দিগন্ত ডেকা, তাবিজ বড়ো।

২০১৮-২০ লৈ নলা নৰ্দমা চাফাইৰ নামত ঠিকা লাভ কৰিছিল প্ৰতিষ্ঠানটোৱে।

প্ৰায় ৩ঘন্টা জোৰা জেৰাৰ অন্তত দুৰ্নীতি নিবাৰক শাখাই নিজৰ জিম্মাত লয় দিবাকৰ মালীক।

বৰ্তমান স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হৈছে MMCH লৈ।

ইপিনে উৎকোচ লোৱাৰ অভিযোগ নস্যাৎ কৰিছে দিবাকৰ মালীয়ে।

তদন্তত GMCৰ আৰু বহু বিষয়া কৰ্মচাৰী জালত পৰাৰ সম্ভাৱনা।

Leave a Reply

Your email address will not be published. Required fields are marked *