নিউজ ডেস্কঃ এগৰাকী মহিলা জুনিয়ৰ এছলেকটিকছ প্ৰশিক্ষকে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰাৰ পিছতে হাৰিয়ানাৰ ক্ৰীড়ামন্ত্ৰী পদৰ পৰা পদত্যাগ সন্দীপ সিঙৰ।
উল্লেখ্য যে, এগৰাকী মহিলা প্ৰশিক্ষকে ক্ৰীড়ামন্ত্ৰী সন্দীপ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল।
প্ৰশিক্ষকগৰাকীৰ চণ্ডীগড়ৰ চৰকাৰী বাসগৃহত সন্দীপ সিঙে শৰীৰত হাত দিয়াৰ লগতে কাপোৰ ফালি পেলোৱা বুলিও অভিযোগ কৰিছিল মহিলাগৰাকীয়ে।
মহিলগৰাকীয়ে শুকুৰবাৰে এই অভিযোগেৰে ক্ৰীড়ামন্ত্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰাৰ পিছতে গোচৰৰ তদন্ত নোহোৱা পৰ্যন্ত ক্ৰীড়া মন্ত্ৰীৰ পদ ত্যাগ কৰে সন্দীপ সিঙে।
ইফালে ভাৰতীয় হকী দলৰ প্ৰাক্তন অধিনায়ক তথা বিজেপি মন্ত্ৰীগৰাকীয়ে তেওঁৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগ মিছা বুলি দাবী কৰিছে।
তেওঁৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ বাবেই এনে মিছা অভিযোগ উত্থাপন কৰা বুলি মন্তব্য কৰে সন্দীপ সিঙে।
প্ৰণিধানযোগ্য যে, ৰাজনীতিত প্ৰৱেশৰ পূৰ্বে ভাৰতীয় হকী দলৰ অধিনায়ক আছিল সন্দীপ সিং। কেইবাখনো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত ভাৰতীয় হকী দলৰ নেতৃত্ব দিয়া সন্দীপ সিঙৰ নামত আছে কেইবাটাও অভিলেখ।
ভাৰতৰ সৰ্বাধিক স্ক’ৰাৰ হকী প্লেয়াৰ হিচাপে খ্যাতি অৰ্জন কৰা সন্দীপ সিঙৰ দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে তেওঁক ‘ফ্লিকাৰ সিং’ নাম দিয়া হৈছিল।
২০১৯ চনত তেওঁ বিজেপিৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰাৰ পিছত ক্ৰীড়া মন্ত্ৰীৰ পদ প্ৰদান কৰা হৈছিল।









