কঠোৰ হৈছে বনভােজৰ SOP! শিথিল কৰাৰ ইংগিত মুখ্যমন্ত্ৰীৰ…

নিউজ ডেস্কঃ বনভোজৰ SOP শিথিল কৰাৰ ইংগিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

পহিলা জানুৱাৰীত ব্ৰহ্মপুত্ৰ কাৰ্নিভেল মুকলি কৰি এই ইংগিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

তেওঁ কয়, ‘বনভোজ খোৱাৰ ক্ষেত্ৰত দিয়া SOP যদি কঠোৰ হোৱা বুলি ভাবিছে মই কিছু শিথিল কৰিব কম।’

অৱশ্যে চালকে মদ্যপান কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিলে মুখ্যমন্ত্ৰীয়ে।

অন্যহাতে বনভোজস্থলীলৈ কোন কোন লোক আহিছে, তাৰ তথ্য ৰাখিবলৈ বনভোজস্থলীত পঞ্জীয়নৰ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে।

উল্লেখ্য যে, নৱবৰ্ষৰ প্ৰাকক্ষণত বনভোজস্থলীত কেইবাটাও নিষেধাজ্ঞা আৰোপ কৰিছিল চৰকাৰে।

বনভোজস্থলীত সুৰপান, ধুম্ৰপান কৰাত নিষেধাজ্ঞা জাৰি কৰিছিল চৰকাৰে।

দুৰ্ঘটনা প্ৰতিৰোধ আৰু অপ্ৰীতিকৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবেই কঠোৰ কৰিছিল SOP।

কিন্তু এই নীতি-নিয়মক লৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছিল বিভিন্নজনে।

আনন্দৰ সময়খিনি নিজৰ মতে পাৰ কৰাটো চৰকাৰে আৰোপ কৰা বাধাক লৈ খৰ্ব হৈ পৰিছিল অনেক লোক।

এনে পৰিস্থিতিত এতিয়া বনভোজৰ নীতি-নিয়ম শিথিল কৰাৰ ইংগিত মুখ্যমন্ত্ৰী শৰ্মাৰ।