অসম

তৃণমূল কংগ্ৰেছৰ হাত ধৰি সক্ৰিয় ৰাজনীতিলৈ লেখিকা শিখা শৰ্মা, যোগদান কৰিয়ে দিলে বিস্ফোৰক মন্তব্য

বিভিন্ন মন্তব্যৰে বিভিন্ন সময়ত চৰ্চাত থকা লেখিকা শিখা শৰ্মাৰ তৃণমূল কংগ্ৰেছত যোগদান।

বুধবাৰে তৃণমূল কংগ্ৰেছৰ শীৰ্ষ নেতা অভিষেক বেনৰ্জীৰ উপস্থিতিত দলটোত যোগদান কৰে শিখা শৰ্মাই।

মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত আয়োজন কৰা এক অনুষ্ঠানত অসম তৃণমূলত যোগদান কৰে শিখা শৰ্মাই।

তৃণমূলত যোগদান কৰিয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে নেত্ৰীগৰাকী।

তেওঁ কয়- যেতিয়াই নৰেন্দ্ৰ মোদীৰ বিজেপি চৰকাৰে অসমত আহি ভৰি দিলেহি, লগে লগে অসমত জন্ম হ’ল অসমীয়াক আটাইতকৈ ৰসাতললৈ লৈ যোৱা, অসমীয়াৰ আৱেগ অনুভূতিৰ লগত খেলা কৰা, দূৰ্দান্ত এজন অসম ধ্বংসকাৰী মানুহ হিমন্ত বিশ্ব শৰ্মা।

হিমন্ত বিশ্ব শৰ্মাৰ মই প্ৰতি মূহুৰ্ততে বিৰোধ কৰি আহিছো। এই বিৰোধ মোৰ নিজৰ কাৰণে নহয়, এই বিৰোধ হিমন্ত বিশ্ব শৰ্মাৰ যি একছ্ত্ৰী শাসন, নিৱনুৱাক কৰা প্ৰতাৰণা, ভুৱা প্ৰতিশ্ৰুতি দিয়া হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপি চৰকাৰৰ বিৰুদ্ধে মই প্ৰত্যাহ্বান হিচাপে থিয় দিম।- শিখা শৰ্মা।

লগতে তেওঁ ভাষণত তৃণমূল কংগ্ৰেছ জিন্দাবাদ, মমতা বেনাৰ্জী জিন্দাবাদ ধ্বনীয়ে উত্তাল কৰি তোলে।

লগতে অসমত ২০২৬ চনত তৃণমূল কংগ্ৰেছৰ চৰকাৰ হ’ব বুলিও দাবী কৰে নেতৃগৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *