কাজিৰঙা দৰ্শন কৰিবলৈ আহি দুৰ্ঘটনাত পতিত মহাৰাষ্ট্ৰৰ পৰ্যটকৰ বাহন, কেইবাজনো আহত

কাজিৰঙা দৰ্শন কৰিবলৈ আহি দুৰ্ঘটনাত পতিত মহাৰাষ্ট্ৰৰ পৰ্যটকৰ বাহন।

দুৰ্ঘটনাত আহত কাজিৰঙা দৰ্শন কৰিবলৈ অহা ১১গৰাকী পৰ্যটক।

কাজিৰঙাৰ কঁহৰাত অৰুণাচলৰ বমদিলাৰ পৰা AS 25DC 5632 নম্বৰৰ ট্ৰেভেলাৰ খনত বিপৰীত দিশৰ পৰা অহা AS 07AC 0092 নম্বৰৰ এখন ট্ৰেভেলাৰ গাড়ীৰ মুখামুখি সংঘৰ্ষ হয়।

যাৰ ফলত পৰ্যটক কঢ়িওৱা ট্ৰেভেলাৰ খন পথৰ দাঁতিত থকা বাগানত সোমাই পৰে।

এই দুৰ্ঘটনাৰ ফলত বিপৰীত দিশৰ পৰা অহা বাহন খনৰো কেইবাজনো লোক আহত হয়।

উল্লেখযোগ্য যে, মহাৰাষ্ট্ৰৰ পৰা কাজিৰঙা চাবলৈ আহিছিল মুঠ ৩১ গৰাকী পৰ্যটক।

ইয়াৰে ২০গৰাকী পৰ্যটক আহিছিল আন দুখন বাহনত।

Leave a Comment