তৃণমূল কংগ্ৰেছত যোগদান ভাৰতৰ তাৰকা টেনিছ খেলুৱৈ লিয়েণ্ডাৰ পেজৰ…

তৃণমূল কংগ্ৰেছত যোগদান কৰিলে ভাৰতৰ কিম্বদন্তি টেনিছ খেলুৱৈ লিয়েণ্ডাৰ পেজে।

নিৰ্বাচনমুখী গোৱা ভ্ৰমণত যোৱা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূলৰ মুৰব্বী মমতা বেনাৰ্জীৰ উপস্থিতিত শুক্ৰবাৰে দলটোত যোগদান কৰে তাৰকা টেনিছ খেলুৱৈগৰাকীয়ে।

৪৮ বছৰীয়া লিয়েণ্ডাৰে নিজৰ কেৰিয়াৰত আঠটা ডাবল আৰু দহটা মিক্সড ডাবলছৰ গ্ৰেণ্ড শ্লেম খিতাপ দখল কৰিছে।

টেনিছত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেওঁক ১৯৯৬-৯৭ চনত ক্ৰীড়াৰ সৰ্বোচ্চ সন্মান ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা, ১৯৯০ চনত অৰ্জুন বঁটা, ২০০১ চনত পদ্মশ্ৰী আৰু ২০১৪ চনত পদ্মভূষণ বঁটাৰে সন্মানিত কৰিছিল।

লিয়েণ্ডাৰৰ উপৰি আজি বলিউড অভিনেত্ৰী নাফিছা আলী আৰু মৃণালিনী দেশপ্ৰভুৱেও তৃণমূলত যোগদান কৰে।

ইপিনে মমতাই লিয়েণ্ডাৰ পেজক তেওঁৰ ভাতৃৰ দৰে বুলি উল্লেখ কৰি কয় যে, লিয়েণ্ডাৰ পেজে তৃণমূলত যোগদান কৰে বুলি জনাবলৈ পাই মই সুখী। তেওঁ মোৰ সৰু ভাই।

মমতা বেনাৰ্জীয়ে কয় যে, তেওঁৰ দল তৃণমূল কংগ্ৰেছ পশ্চিম বংগৰ দৰেই গোৱাত শক্তিশালী হোৱাটো বিচাৰে।

Leave a Comment