তিনি মাহলৈ বৃদ্ধি প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ ম্যাদ, দৰিদ্ৰ লোকক প্ৰতিমাহে প্ৰদান কৰি অহা হৈছে ৫ কেজিকৈ চাউল…

নিউজ ডেস্কঃ সমাগত গুজৰাট বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালক প্ৰদান কৰি অহা বিনামূলীয়া ৰেচন প্ৰদান আঁচনিৰ ম্যাদ পুনৰ তিনি মাহলৈ বৃদ্ধি কেন্দ্ৰীয় চৰকাৰৰ।

দেশৰ ৮০ কোটি দৰিদ্ৰ লোকক প্ৰতিমাহে ৫ কোজি চাউল আৰু আটা বিনামূলীয়াকৈ যোগান ধৰা এই আঁচনিখন অহা ৩০ ছেপ্টেম্বৰত অন্ত পৰাৰ কথা আছিল।

কিন্তু এতিয়া পুনৰ ৩ মাহ বৃদ্ধি কৰি ২০২২ৰ ৩১ ডিচেম্বৰলৈ এই আঁচনিখনৰ জৰিয়তে বিনামূলীয়াকৈ চাউল আৰু আটা যোগান ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰে কেন্দ্ৰীয় তথ্য আৰু জনসংযোগ মন্ত্ৰী অনুৰাগ ঠাকুৰে।

বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় কেবিনেটৰ এখন বৈঠকত এই আঁচনিখন তিনিমাহ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হোৱা বুলি জানিবলৈ দিয়ে অনুৰাগ ঠাকুৰে।

উল্লেখ্য যে, বিশ্বজুৰি আতংকৰ পৰিৱেশৰ সৃষ্টি কৰা কোভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত ঘোষণা লকডাউনৰ ফলত জীৱিকা হেৰুওৱা দৰিদ্ৰ জনতাক সকাহ প্ৰদানৰ উদ্দেশ্যে ২০২০ৰ এপ্ৰিলত আৰম্ভ কৰা হৈছিল প্ৰধানমন্ত্ৰী গৰীৱ কল্যান অন্ন যোজনাৰ।

এই আঁচনিৰ অধীনত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (এন এফ এছ এ)ৰ অধীনত সামৰি লোৱা সকলো হিতাধিকাৰীৰ বাবে প্ৰতিমাহে প্ৰতিজন ব্যক্তিৰ বাবে ৫ কেজি খাদ্য শস্য বিনামূলীয়াকৈ প্ৰদান কৰা হয়।

কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে জানিবলৈ দিয়া মতে, এই আঁচনিৰ বাবে চৰকাৰে এতিয়ালৈকে ৩.৪৫ লাখ কোটি টকা ব্যয় কৰিছে।

আনহাতে আঁচনিখন পুনৰ তিনিমাহ বৃদ্ধি কৰাৰ ফলত অতিৰিক্ত ব্যয় হ’ব প্ৰায় ৪৪,৭৬২ কোটি টকা।

১ অক্টোবৰৰ পৰা তিনিমাহত ৮০ কোটি জনতাক মুঠ ১২২ লাখ টন খাদ্যশস্য বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে।