১২ অক্টোবৰত অসমলৈ আহিব ৰাষ্ট্ৰপতি, উদ্বোধন কৰিব ধুবুৰী চিকিৎসা মহাবিদ্যালয়…

১২ অক্টোবৰত অসমলৈ আহিব ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মূ।

ধুবুৰী চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিব দেশৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।

স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ধুবুৰী চিকিৎসা মহাবিদ্যালয় ভ্ৰমণৰ সময়ত এই কথা সদৰি কৰে।

উল্লেখ্য যে, ১ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব নৱনিৰ্মিত ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম পাঠদান।

লগতে ৰাষ্ট্ৰপতি গৰাকীয়ে অসম ভ্ৰমণৰ সময়চোৱাত চাহ বাগিচাত ১০০ খন হাই স্কুলৰ শুভাৰম্ভ কৰিব।