অসম

তালিবানক সমৰ্থন জনাই গ্ৰেপ্তাৰ হ’ল এজন MBBSৰ ছাত্ৰসহ অসমৰ ১২ জন…

ছ’চিয়েল মিডিয়াত তালিবানক সমৰ্থন কৰাৰ বাবে গ্ৰেপ্তাৰ হ’ল অসমৰ কেইবাজনকো লোক।

ইতিমধ্য অসমৰ বিভিন্ন জিলাৰ পৰা ১২ জনক গ্ৰেপ্তাৰ কৰা হৈছে।

অসমৰ মুঠ ১০ খন জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে এই ব্যক্তিসকলক।

এই ১২ জন ব্যক্তিৰ মাজত আছে এগৰাকী মেডিকেলৰ ছাত্ৰ।

তেজপুৰ মেডিকেলত এম বি বি এছ পাঠ্যক্ৰমত অধ্যয়ন কৰি আছিল ছাত্ৰজনে।

ছাত্ৰজনৰ ঘৰ হাইলাকান্দিত বুলি জানিব পৰা গৈছে।

আনহাতে দুজন মৌলানাকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

আটকাধীন ১২ গৰাকী ব্যক্তিয়েই সামাজিক মাধ্যমত তালিবানক সমৰ্থন জনাইছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *