গুৱাহাটী মহানগৰীৰ শেহতীয়া ক’ভিড পৰিস্থিতিক লৈ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সংবাদমেল সম্বোধন।
সংবাদমেলত কেইবাটাও গুৰুত্বপূ্ৰ্ণ ঘোষণা স্বাস্থ্যমন্ত্ৰীগৰাকীৰ।
সংবাদমেলত গুৱাহাটী মহানগৰবাসীলৈ এক ভাল খবৰ আনিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।
এতিয়াৰ পৰা এটা মিছড কল দিলেই লাভ কৰিব ক’ভিড ভেকচিন।
মহানগৰীৰ যিসকল লোকে এতিয়াও ক’ভিডৰ প্ৰথম পালি ভেকছিন গ্ৰহণ কৰা নাই তেওঁলোক এটা নম্বৰত মিছড কল দিলেই লাভ কৰিব পাৰিব ক’ভিড ভেকছিন।
স্বাস্থ্যবিভাগে মুকলি কৰা নম্বৰটো হৈছে- ৮৯২৯১০৩৭৭৬ (89291 03776)।
এই নম্বৰত মিছড কল দিলেই স্বাস্থ্য কৰ্মীয়ে ব্যক্তিগৰাকীক যোগাযোগ কৰি ভেকছিন গ্ৰহণৰ দিন আৰু স্থান জনাব।
উল্লেখ্য যে, বৰ্তমানলৈকে মুকলি কৰা নম্বৰত ২৫০টা মিছড কল আহিছে বুলি প্ৰকাশ কৰিছে স্বাস্থ্য বিভাগে।
শ্বপিং ম’ল, ব্যবসায়িক প্ৰতিষ্ঠান, দোকানৰ কমৰ্চাৰীসকলে ক’ভিড ভেকচিন লোৱা চাৰ্টিফিকেট পিন্ধি নহ’লে আঁৰি থ’ব লাগিব বুলি সদৰি কৰে মন্ত্ৰীগৰাকীয়ে।
গুৱাহাটী মহানগৰীত ১৮ বছৰৰ ওপৰৰ ১৫ লাখৰ ভিতৰত ১৪ লাখ ১০ হাজাৰ লোকে ভেকচিন লৈছে বুলি সংবাদমেলত জানিব দিয়ে।
২৫ ৰ পৰা ৩১ আগষ্টৰ ভিতৰত গুৱাহাটী মহানগৰীত ভেকচিন দিয়া কাম সম্পন্ন কৰা হ’ব।ভেকচিন দিয়া সপ্তাহ হিচাপে পালন কৰাৰ সিদ্ধান্ত।
ইফালে গুৱাহাটী মহানগৰবাসীক কৰ’ণাৰ বিৰুদ্ধে সজাগ সচেতন হ’বলৈ আহ্বান জনাই স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। অন্যথা চৰকাৰ কঠোৰ হ’বলৈ বাধ্য হ’ব চৰকাৰ তথা প্ৰশাসন।









