ৰাষ্ট্ৰীয়

তামিলনাডুৰ ভয়ংকৰ হেলিকপ্তাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ১৩ গৰাকী লোকৰ নাম প্ৰকাশ…

তামিলনাডুৰ ভয়ংকৰ হেলিকপ্তাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ১৩ গৰাকী লোকৰ নাম প্ৰকাশ।

বুধবাৰে সংঘটিত হোৱা শোকাৱহ হেলিকপ্তাৰ দুৰ্ঘটনাত দেশৰ প্ৰথমগৰাকী চিডিএছ বিপিন ৰাৱাটৰ লগতে বিপিন ৰাৱাটৰ পত্নী মধুলিকা ৰাৱাটৰ দেহাৱসান ঘটে।

এই ভয়ংকৰ দুৰ্ঘটনাত মুঠ ১৩ গৰাকী লোকে প্ৰাণ হেৰুৱায়।

হেলিকপ্তাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোক সকল হৈছে ক্ৰমে- জেনেৰেল বিপিন ৰাৱাট, মধুলিকা ৰাৱাট, ব্ৰিগেডিয়াৰ এল এছ লিড্ডাৰ, লেফটেনেণ্ট কৰ্ণেল এইচ সিং, উয়িং কামাণ্ডাৰ পি এছ চৌহান, স্কোৱাৰ্ডন লিডাৰ কে সিং, জে ডব্লিউ অ’ দাস, জে ডব্লিউ অ’ প্ৰদীপ এ, হাবিলদাৰ সতপাল, এন কে গুৰসেৱক সিং, এন কে জিতেন্দৰ সিং, লেন্স নায়ক বিবেক আৰু লেন্স নায়ক এছ তেজা।

ইফালে বৃহস্পতিবাৰে বায়ুসেনাৰ বিশেষ বিমানেৰে দিল্লীলৈ অনা হ’ব চিডিএছ গৰাকীৰ নশ্বৰদেহ।

ইয়াৰ লগতে শুকুৰবাৰে শেষকৃত্য সম্পন্ন হ’ব চিডিএছ বিপিন ৰাৱটৰ লগতে দুৰ্ঘটনাত নিহত হোৱা তেওঁৰ পত্নী মধুলিকা ৰাৱটৰ। 

Leave a Reply

Your email address will not be published. Required fields are marked *