অসম

ড° ভূপেন হাজৰিকা সেতুৰ সংযোগস্থলত বিসংগতি, চলিছে মেৰামতি…

ড° ভূপেন হাজৰিকা সেতুৰ সংযোগস্থলত বিসংগতি।

দেশৰ দীৰ্ঘতম ধলা-শদিয়া সংযোগী ড° ভূপেন হাজৰিকা সেতুত দেখা দিয়া গুৰুতৰ বিসংগতিৰ খবৰে উৎকণ্ঠিত কৰি তুলিছে সাধাৰণ জনতাক।

জানিব পৰা মতে, দলংখনৰ উত্তৰ দিশে শদিয়া সংযোগী পথ আৰু দলঙৰ সংযোগস্থলত মাটি বহি গৈছে।

শদিয়াৰ দিশত দলঙৰ মূৰতে আৰক্ষীয়ে বেৰিকেড লগাই যান-বাহন একেটা দিশেৰে দীর্ঘদিন ধৰি চলাচল কৰা আৰু যোৱা এসপ্তাহ ধৰি নেৰানেপেৰা বৰষুণ হৈ থকাত কিবা প্ৰকাৰে পানী সোমোৱাত এনে বিসংগতিয়ে দেখা দিয়াৰ আশংকা ব্যক্ত কৰিছে অভিজ্ঞ মহলে।

উল্লেখ্য যে নবযুগ ইঞ্জিনীয়াৰিং কোম্পানী লিমিটেড নামৰ ঠিকাদাৰী সংস্থাই নিৰ্মাণ কৰা দলংখন ২০১৭ চনৰ ২৬ মে’ত দেশৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিছিল।

সম্প্ৰতি চেকুৰা নামৰ এটা কোম্পানীয়ে দলংখনৰ চোৱাচিতা আৰু যাৱতীয় মেৰামতিৰ কাম কৰি আছে।

বিসংগতি প্রত্যক্ষ কৰি কোম্পানীটোৰ অভিজ্ঞ লোকে কালিৰেপৰা মেৰামতিৰ কাম কৰি থকা দেখা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *